ডিজিটেল ডেস্ক, ২১ জুলাই : গোসাঁইগাঁৱত সংঘটিত হৈছে এক শোকাৱহ পথ দুৰ্ঘটনা। ট্ৰেক্টৰৰ চেপাত পৰি এটি ৮ বছৰীয়া শিশুৰ শোকাৱহ মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোতে গভীৰ শোকৰ ছাঁ পৰিছে। এই হৃদয়বিদাৰক ঘটনাটো গোসাঁইগাঁৱৰ বুঢ়িচাটাম গাঁৱত সংঘটিত হৈছে।
প্ৰাপ্ত খবৰ অনুসৰি, বুঢ়িচাটাম গাঁৱৰ বাসিন্দা ছাহানুৰ ফকিৰৰ ৮ বছৰীয়া পুত্ৰ ৰেজাওন ফকিৰে ৰাস্তাৰ কাষত খেলি থকা সময়তে এখন দ্ৰুতবেগী ট্ৰেক্টৰে শিশুটিক মহটিয়াই লৈ যায়। ট্ৰেক্টৰখনৰ চেপাত পৰি ৰেজাওন গুৰুতৰভাৱে আহত হয়।
দুৰ্ঘটনাৰ পিছতেই স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি শিশুটিক সংকটজনক অৱস্থাত উদ্ধাৰ কৰে আৰু তৎক্ষণাত দাৱাগুৰি প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ লৈ যায়। কিন্তু দুৰ্ভাগ্যবশতঃ চিকিৎসালয়ত চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে।
ঘটনাৰ খবৰ পোৱাৰ লগে লগে সাপকাটা আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্ত ট্ৰেক্টৰখন জব্দ কৰে। আৰক্ষীয়ে ইতিমধ্যে ঘটনা সংক্ৰান্তত তদন্ত আৰম্ভ কৰিছে। কিশোৰটিৰ এনে আকস্মিক মৃত্যুত সমগ্ৰ বুঢ়িচাটাম গাঁৱত এক শোকাকুল পৰিৱেশ বিৰাজ কৰিছে।