বিশ্বায়ন, ডিজিটেলাইজেচন আৰু আধুনিক কাৰিকৰী বিকাশে বর্তমানৰ যুগটোক এটা অভাৱনীয় গতি প্রদান কৰিছে৷ এই দ্রুত গতিৰ সন্মুখত সমগ্র বিশ্বলৈ আহি পৰা আটাহতকৈ ডাঙৰ প্রত্যাহ্বানটো হ’ল আঞ্চলিক ভাষা আৰু খিলঞ্জীয়া সংস্কৃতিসমূহৰ স্বকীয়তা ৰক্ষা৷
সমসাময়িক গোলকীয় সংস্কৃতি আৰু বিশ্বজনীন ভাষাৰ প্রভাৱত প্রায়ে আঞ্চলিক ভাষা, সাহিত্য আৰু লোক–ঐতিহ্যসমূহ কিঞ্চিত সংকুচিত হৈ পৰাৰ আশংকাই দেখা দিছে৷ ইয়াৰ লগতে যোগ হৈছে সাংস্কৃতিক ভোগবাদৰ প্রভাৱ৷
এনে এক জটিল যুগসন্ধিৰ সময়ত নিজৰ মাতৃভাষা, থলুৱা সাহিত্য আৰু সাংস্কৃতিক ধাৰাবোৰক জীয়াহ ৰখা আৰু তাক গতিশীল কৰি তোলাৰ সমগ্র ঐতিহাসিক দায়িত্ব নিহিত হৈ পৰিছে আমাৰ নতুন প্রজন্মৰ হাতত৷ নতুন প্রজন্মৰ শিক্ষা আৰু চর্চাৰ প্রসংগত একধৰণৰ সামাজিক ক্ষোভ বিভিন্ন ঠাইত প্রকাশ পোৱা দেখা যায়৷
এই ক্ষোভৰ মূল কাৰণ হ’ল যে নতুন প্রজন্ম ইংৰাজী মাধ্যমৰ প্রতি অধিক আগ্রহী৷ ইয়াৰ কাৰণ যিয়েই নহওক কিয়, এই আগ্রহৰ বাবে আঞ্চলিক ভাষাৰ চর্চা আৰু আবেদন হ্রাস পাই গৈছে৷ এইটো ঠিক যে কেৰিয়াৰৰ প্রাধান্যই নতুন প্রজন্মক পৰিচালিত কৰা পৰিৱেশত অতীতৰ মোহ, আৱেগিক বত্তৃণতা বা পৰম্পৰাগত নীতিশিক্ষাৰে এই প্রজন্মটোক নিজৰ ভাষা–সংস্কৃতিৰ সৈতে বান্ধি ৰখাটো সম্ভৱ নহয়৷
কিন্তু এইটোও সত্য যে সংস্কৃতিৰ এই সংৰক্ষণ আৰু সম্প্রসাৰণৰ ক্ষেত্রত নতুন প্রজন্মই ইয়াৰ নেতৃত্ব বহন কৰিব লাগিব৷ আজিৰ নৱপ্রজন্মৰ হাতত আছে তথ্য–প্রযুক্তি আৰু ডিজিটেল মাধ্যমৰ অপাৰ শক্তি৷
আজিকালি সংৰক্ষণৰ ধাৰণা কেৱল পুথিভঁৰাল বা সংগ্রহালয়ৰ চাৰিবেৰৰ মাজতে আবদ্ধ হৈ থকা নাহ৷ ই চাইবাৰ স্পেচলৈ সম্প্রসাৰিত হৈছে৷ আজিৰ নতুন প্রজন্মই চাইবাৰ স্পেচত অসমীয়া ভাষা আৰু সংস্কৃতিৰ এক সজীৱ আৰু আধুনিক পৰিৱেশ গঢ়ি তুলিব পাৰে আৰু এই দিশত ভালেমান কাম আগবাঢ়িছে৷
উইকিপিডিয়া, ডিজিটেল আর্কাইভ, ই–বুক, অনলাইন অভিধান, ব্লগ আৰু সামাজিক মাধ্যমত শুদ্ধ অসমীয়া ভাষাৰ সক্রিয় প্রয়োগ বৃদ্ধি কৰি তেওঁলোকে ভাষাটোক যুগোপযোগী কৰি তুলিব পাৰে৷ আনন্দৰ কথা যে কৃত্রিম বুদ্ধিমত্তা, মেচিন লার্নিং আৰু অনলাইন অনুবাদ ব্যৱস্থাত অসমীয়া ভাষাক সঠিকভাৱে স্থান দিয়াৰ প্রচেষ্টা বিভিন্ন মহলৰ পৰা গভীৰভাৱে চলি আছে৷ এই প্রয়াসবোৰত যুৱপ্রজন্মৰ কাৰিকৰী জ্ঞান আৰু গৱেষণামূলক দৃষ্টিভংগীৰ প্রয়োগ অতি তাৎপর্যপূর্ণ হ’ব৷
সাহিত্য, চিনেমা আৰু দৃশ্য–শ্রাব্য শিল্পকলাৰ চর্চা আৰু সংৰক্ষণৰ ক্ষেত্রতো নতুন প্রজন্মই এক নতুন নৱজাগৰণৰ সূচনা কৰিব পাৰে৷ আমাৰ সমৃদ্ধ লোক–সংগীত, লোকনৃত্য, জিকিৰ–জাৰী, বনগীত বা প্রাচীন গল্প–সাধুকথাবোৰক যদি আধুনিক পডকাষ্ট, চুটি ছবি, মানসম্পন্ন সংগীতালেখ্য আৰু চিনেমাৰ মাধ্যমলৈ আনিলে ই কেৱল সংৰক্ষিতহ নহ’ব, বৰঞ্চ বিশ্বৰ বিভিন্ন প্রান্তত সিঁচৰতি হৈ থকা অসমীয়া সমাজৰে মাজত সমাদৰ লাভ কৰিব৷
আঞ্চলিক সাহিত্যক বিশ্ব চিনেমা বা অনুবাদৰ জৰিয়তে আন্তঃৰাষ্ট্রীয় পর্যায়লৈ লৈ যোৱাৰ দায়িত্বও নতুন প্রজন্মৰে৷ আঞ্চলিক ভাষা আৰু সংস্কৃতি সংৰক্ষণৰ অর্থ কোনো সংকীর্ণ প্রাদেশিকতা বা অন্ধ আৱেগ নহয়৷ ইয়াৰ প্রকৃত অর্থ হ’ল নিজৰ ভৌগোলিক আৰু সাংস্কৃতিক শিপাক জীয়াই ৰাখি বিশ্বজনীন ধাৰণাক মুকলি মনেৰে আদৰি লোৱা৷
আমাৰ নতুন প্রজন্মই যদি নিজৰ ভাষা আৰু ঐতিহ্যৰ মাজেৰে গৌৰৱবোধ কৰিবলৈ শিকে আৰু ইয়াক ব্যৱহাৰিক জীৱন, শিক্ষা, বিজ্ঞান আদিৰ জৰিয়তে প্রয়োগ কৰে, তেন্তে অসমীয়া ভাষা–সংস্কৃতি যুগ যুগলৈ অক্ষুণ্ণ, প্রাণৱন্ত আৰু কালজয়ী হৈ ৰ’ব৷
নতুন প্রজন্ম কেৱল এই সংস্কৃতিৰ উত্তৰসূৰী নহয়, তেওঁলোক হ’ব লাগিব ইয়াৰ যোগসূত্র আৰু স্রষ্টা৷ এই নতুন প্রজন্মক উৎসাহিত কৰা, কার্যকৰীভাৱে সহযোগ কৰা আৰু সাংস্কৃতিক ভেগবাদৰ পৰা মুক্ত এটা সঠিক দিশৰ সন্ধান দিয়াটোত অভিজ্ঞসকলেও সমানেই আগবাঢ়ি আহিব লাগিব৷
প্রয়োজনীয় উৎসাহৰ বাবে চৰকাৰেও কার্যপন্থা হাতত লোৱা উচিত৷ চৰকাৰী পৃষ্ঠপোষকতাত অসম প্রকাশন পৰিষদে এই দিশত অলপ কাম আৰম্ভ কৰিছে৷ বিশেষকৈ অসমীয়া ইউনিকোড আখৰ প্রস্তুত কৰাত প্রকাশন পৰিষদৰ কার্যকুশলতা প্রশংসনীয়৷ এই প্রয়াসক অধিক বিস্তৃত কৰাৰ বাবে চৰকাৰে অধিক মনোযোগ দিয়াটো এই সময়ৰ অন্যতম দাবী৷