বান-খহনীয়াৰ কৰালগ্ৰাসৰ পৰা পৰিত্ৰাণ নাই অসমবাসীৰ। কাৰণ নীতি নিয়মৰ মেৰপাকত বন্দী কেন্দ্ৰই বানাক্ৰান্ত ৰাইজক অৰ্থৰ বিনিময়ত কিছু সকাহ দিলেও ক্ষতিপুৰণ কেতিয়াও দিব নোৱাৰে।
একেদৰে খহনীয়াত ঘৰ-বাৰী হেৰুৱা ৰাইজৰ বাবে কেন্দ্ৰই শেহতীয়াকৈ এক নীতি প্ৰস্তুত কৰিছে যদিও উক্ত নীতি মৰ্মে পুনৰ সংস্থানৰ বাবে ৰাজ্য় চৰকাৰে জনোৱা আবেদনো খাৰিজ কৰি দিয়া হৈছে।
লোকসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সহযোগী মন্ত্ৰী নিত্যানন্দ ৰাই আৰু কেন্দ্ৰীয় কৃষি ৰাজ্যমন্ত্ৰী ৰামনাথ ঠাকুৰে প্ৰদান কৰা সুকীয়া সুকীয়া বিবৃতিত অতি দুঃখজনক এই কথা জানিবলৈ দিছে।
মন্ত্ৰী ৰাইয়ে লোকসভাৰ প্ৰশ্নোত্তৰকালত প্ৰদান কৰা বিবৃতি অনুসৰি খহনীয়াত গৃহহাৰা হোৱা লোকৰ পুনৰ সংস্থানৰ বাবে পঞ্চদশ বিত্তীয় আয়োগে কেন্দ্ৰ আৰু ৰাজ্য দুয়ো চৰকাৰক এক নীতি প্ৰস্তুত কৰাৰ পৰামৰ্শ প্ৰদান কৰিছিল।
সেই মৰ্মে বিত্তীয় আয়োগে ৰাষ্ট্ৰীয় পৰ্যায়ত ১,০০০ কোটি টকাৰ এটা পুঁজি গঠন কৰাৰ প্ৰস্তাৱো আগবঢ়াইছিল। ৰাষ্ট্ৰীয় দুৰ্যোগ সঁবাৰি পুঁজিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে খহনীয়াত আক্ৰান্ত লোকৰ বাবে এক পুনৰ সংস্থান নীতি প্ৰস্তুত কৰিছিল যদিও উক্ত নীতিৰ অধীনত একমাত্ৰ ৰাজ্য হিচাপে অসমেই কেন্দ্ৰৰ ওচৰত প্ৰকল্প প্ৰস্তাৱ দাখিল কৰিছিল।
পিছে উক্ত প্ৰস্তাৱ চালিজাৰি চোৱাৰ পিছত ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে খাৰিজ কৰি অসম চৰকাৰলৈ উভতাই পঠোৱা বুলি মন্ত্ৰী ৰাইয়ে সদনক অৱগত কৰে। প্ৰধিকৰণে অসমক উক্ত প্ৰস্তাৱ কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰা নীতিৰ আধাৰত পুনৰ এক প্ৰস্তাৱ দাখিল কৰাৰহে পৰামৰ্শ আগবঢ়াইছে।
কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে উত্থাপন কৰা প্ৰশ্নৰ উত্তৰত বিভাগীয় ৰাজ্যমন্ত্ৰীজনে লগতে এয়াও জনাই দিছে যে খহনীয়াত আক্ৰান্ত লোকক পুনৰ সংস্থান দিবলৈ ৰাজ্য চৰকাৰেও নিজাবৱীয়াকৈ আঁচনি কিম্বা প্ৰকল্প হাতত লব পাৰে।
আনহাতে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ বিভাগৰ ৰাজ্যমন্ত্ৰী ৰামনাথ ঠাকুৰে সাংসদ ৰকিবুল হুছেইনে উত্থাপন কৰা আন এক প্ৰশ্নৰ উত্তৰত লোকসভাৰ মজিয়াত স্পষ্ট কৰি দিয়ে যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ (এছ ডি আৰ এফ) পৰাহে ৰাজ্য চৰকাৰক অৰ্থ সাহায্য প্ৰদান কৰিব পাৰে।
অতিৰিক্ত পুঁজি হিচাপে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ (এন ডি আৰ এফ) পৰা কেন্দ্ৰীয় চৰকাৰে অৰ্থ সাহায্য প্ৰদান কৰিব পাৰে যদিও সেই দুৰ্যোগ অতিশয় প্ৰবল পৰ্যায়ৰহে হব লাগিব বুলি মন্ত্ৰী ঠাকুৰে বিবৃতি প্ৰদান কৰে।
বিভাগীয় ৰাজ্যমন্ত্ৰীজনে লগতে এয়াও স্পষ্ট কৰি দিয়ে যে বান বা আন কোনো দুৰ্যোগত আক্ৰান্ত ৰাইজক কেন্দ্ৰই কেৱল সকাহে দিব পাৰে, মৃত্যু বা সা-সম্পতিৰ ক্ষতিপুৰণ দিয়াৰ কোনো অৱকাশ নাই কেন্দ্ৰৰ ওচৰত।
আনহাতে মন্ত্ৰী ঠাকুৰে প্ৰদান কৰা তথ্য অনুসৰি যোৱা পাঁচ বছৰত আৰ্থাত ২০২১-২২ বিত্তীয় বৰ্ষৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ভিতৰত ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ অধীনত কেন্দ্ৰই অসমক ৩,৪১৪.৪০ কোটি টকা প্ৰদান কৰিছে। ইয়াৰ বিপৰীতে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা উক্ত কালছোৱাত মাত্ৰ ১,০০১.৩৭৭ কোটি টকাহে প্ৰদান কৰিছে কেন্দ্ৰই।
লক্ষ্যনীয়ভাৱে বান-খহনীয়াত ভূমি ক্ষয় হলেও অসমত যোৱা পাঁচ পছৰত শস্য ৰোপন কৰা প্ৰকৃত মাটিৰ কালি মুঠেই হ্ৰাস পোৱা নাই। বৰঞ্চ সামান্য বৃদ্ধিহে পাইছে। ২০২১-২২ বিত্তীয় বৰ্ষত অসমত শস্য ৰোপন কৰা প্ৰকৃত মাটিৰ কালি আছিল ২,৭২৪ হাজাৰ হেক্টৰ। ২০২৪-২৫ত এই কালি ২,৭৫৯ হাজাৰ হেক্টৰলৈ বৃদ্ধি পোৱা বুলি মন্ত্ৰী ৰামনাথ ঠাকুৰে সদনক অবগত কৰে।
বিশেষ বাৰ্তা, নতুন দিল্লী, ২২ জুলাই