নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শলগুৰি-নামতিৰ দুই শতাধিক গাঁও জলমগ্ন, যাতায়াত-যোগাযোগ বিচ্ছিন্ন 

এক অভাৱনীয় অবৰ্ণনীয় বান পৰিস্থিতিত প্ৰায় বিধ্বস্ত হৈ পৰিছে শিৱসাগৰ জিলাৰ জনজীৱন। জিলাখনৰ বিভিন্ন অঞ্চলত হোৱা বানৰ যি প্ৰলয়ংকাৰী ৰূপ তাক নেদেখিলে বিশ্বাস কৰিব নোৱাৰি।

উল্লেখ্য যে শিৱসাগৰ জিলাৰ  শলগুৰি, মগৰাহাট , ৰূদ্ৰসাগৰ, জতকীয়া, নামতি আদি অঞ্চলত বানৰ সংহাৰী ৰূপে মানুহৰ ঘৰ দুৱাৰ, পশুধন, খেতি পথাৰ, ৰাস্তা ঘাট সম্পূৰ্ণ ৰূপে ধ্বংস কৰি পেলাইছে।

কোনোদিনে কোনোকালে নেদেখা এই বান ইমানেই আকস্মিক আছিল যে মানুহে ঘৰৰ ভিতৰত থকা কোনো বস্তুৱেই নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰিব নোৱাৰিলে। যোৱা সোমবাৰে পিছবেলাৰ পৰা শলগুৰি , মগৰাহাট, ৰূদ্ৰসাগৰ তথা নামতিৰ বিভিন্ন গাঁৱত দিখৌ বাঢ়নী পানী সোমাই ঘৰৰ মূধচ পৰ্যন্ত পায়গৈ।

প্ৰাপ্ত খবৰ মতে চুবুৰীয়া নাগালেণ্ডত ডাৱৰ বিস্ফোৰণৰ ফলত অভাৱনীয় ভাৱে দিখৌ জলস্তৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত শিৱসাগৰ জিলাৰ অধিকাংশ অঞ্চল জলমগ্ন হৈ পৰে। উল্লেখ্য যে বৰ্তমানলৈকে শিৱসাগৰ জিলাৰ   শলগুৰি, পানীগাঁও, বৰপাত্ৰ আলি, জতকীয়া, হোলাপাৰ, গায়ন গাঁও, জেৰেঙা চুক, দেৱালয়, চাংমাই, চেতিয়া, গড়কাষৰীয়া, দোলাকাষৰীয়া, আইলাহাবি, গদাধৰ নগৰ, মানকটা, সপোন নগৰ, জয়সাগৰকে ধৰি অৰ্ধশতাধিক গাঁওত সাগৰ সদৃশ পৰিবেশ।

ইপিনে নামতি অঞ্চলৰ নামতি আলি, নামতি দ’ল, কুকুৰাচোৱা, ধেপৰ, চেতিয়া গাঁও, বামুন পুখুৰী,  মিছাজান, খামূণ্ড, দিকচু, খনিকৰকে ধৰি শতাধিক গাঁও জলমগ্ন হৈ পৰিছে। ইয়াৰ ফলত যাতায়ত আৰু যোগাযোগ ব্যৱস্থা সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰিছে।

ব্যৱসায়িক আৰু চিকিৎসাসৱাৰ প্ৰাণকেন্দ্ৰ শিৱসাগৰ নগৰলৈ যোৱা সকলো পথ উপপথ বন্ধ হৈ পৰাত ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। অঞ্চলটোৰ মূল পথ খৰিকটীয়া আলিৰ কিছু অংশত  প্ৰায় এবুকু পানী। ইপিনে মগৰাহাট অঞ্চলৰ শিৱসাগৰ নগৰলৈ যোৱা মূল পথ মানকটা আলি সম্পূৰ্ণৰূপে বানত ডুব গৈ আছে।

শেহতীয়া খবৰ মতে জয়সাগৰ বেচিক তিনি আলিত খৰিকটীয়া আলিৰ ওপৰত থকা লোহাৰ দলঙখনৰ  এটা মূৰ ক্ষতিগ্ৰস্ত হৈছে। এই প্ৰলয়ংকাৰী বানত এতিয়ালৈকে এই অঞ্চলকেইটাৰ দুই শতাধিক গাঁওৰ প্ৰায় বিশ সহস্ৰাধিক লোক ক্ষতিগ্ৰস্ত হৈছে।

খেতি পথাৰ, পশুধন, শাক পাচলিকে ধৰি ব্যক্তিগত সা-সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হৈছে। তদুপৰি অঞ্চলকেইটাৰ কেইবাখনো বিদ্যালয়, শলগুৰি, মগৰাহাট, ৰূদ্ৰসাগৰ, নামতি আলি, নামতি দ’লকে ধৰি কেইবাটাও পঞ্চায়ত, চিকিৎসালয়, চৰকাৰী কাৰ্যালয়ত বানপানী সোমোৱাৰ ফলত বহু গুৰুত্বপূৰ্ণ তথ্য পাতি নষ্ট হোৱাৰ খবৰ পোৱা গৈছে।

ইপিনে ৰাইজে অভিযোগ কৰিছে যে জিলা প্ৰশাসন তথা চৰকাৰৰ আৰু স্থানীয় বিধায়কজনৰ পৰা এই অভাৱনীয় বিপদৰ সময়ত বিশেষ কোনো সহাৰি লাভ কৰা নাই। আনহে নালাগে এটুপাল খোৱাপানীৰো ব্যৱস্থা প্ৰশাসনে কৰি দিব পৰা নাই।

নিয়মীয়া বাৰ্তা, কালুগাঁও, ২২ জুলাই

You might also like