নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অপহৰণৰ সন্দেহ, হোজাইত ২ কিশোৰী নিৰুদ্দেশ

হোজাই চহৰৰ পৰা দুগৰাকী কিশোৰী নিৰুদ্দেশ হোৱা ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৃহস্পতিবাৰে দুপৰীয়া প্ৰায় আঢ়ৈ বজাত কম্পিউটাৰ ক্লাছ কৰিবলৈ আহি হোজাই চহৰৰ পৰাই নিৰুদ্দেশ হয় কিশোৰী দুগৰাকী।

জানিব পৰা মতে, নিৰুদ্দেশ হোৱা দুয়োগৰাকী কিশোৰী মণিপুৰী সম্প্ৰদায়ৰ। পৰিয়ালৰ লোকে এগৰাকী বিবাহিত মুছলিম মহিলাৰ বিৰুদ্ধে কিশোৰী দুগৰাকীক অপহৰণ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে।

ঘটনা সন্দৰ্ভত আজি পুৱা হোজাই থানাত দুয়োটা পৰিয়ালে পৃথকে পৃথকে এজাহাৰ দাখিল কৰে। ইয়াৰ পিছতে হোজাই আৰক্ষী অধীক্ষক নিজে আৰক্ষী থানাত উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰে।

ইফালে, ঘটনাক লৈ হোজাই মণিপুৰী সমাজৰ প্ৰায় শতাধিক মহিলাই থানাত উপস্থিত হৈ কিশোৰী দুগৰাকীক শীঘ্ৰে উদ্ধাৰৰ দাবী জনায়। তেওঁলোকে আৰক্ষীক ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিয়াৰ কথাও জানিবলৈ দিয়ে।

বৰ্তমান হোজাই আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰু নিৰুদ্দেশ হোৱা কিশোৰী দুগৰাকীৰ সন্ধানত অভিযান চলাই আছে।

ডিজিটেল ডেস্ক, ২৪ জুলাই

You might also like