অসমত বান পৰিস্থিতি দিনক দিনে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰিছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ (ASDMA)-ৰ শেহতীয়া তথ্য অনুসৰি, বানত মৃতকৰ সংখ্যা ৪৭জনলৈ বৃদ্ধি পাইছে। বৰ্তমান ৰাজ্যৰ ১১খন জিলাৰ ৭.২১ লাখতকৈও অধিক লোক বানৰ কবলত পৰিছে।
যোৱা ২৪ ঘণ্টাত আৰু ৬জন লোকৰ মৃত্যু হৈছে। ইয়াৰে শিৱসাগৰ জিলাত ৪জন আৰু চৰাইদেউ জিলাত ২জন লোকৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ পাইছে। অব্যাহত বৰষুণৰ ফলত বান পৰিস্থিতি অধিক জটিল হৈ পৰিছে।
বৰ্তমান ৩৭টা ৰাজহ চক্ৰ আৰু ৮৮৩খন গাঁও বানপানীত প্লাৱিত হৈছে। ক্ষতিগ্ৰস্ত জিলাসমূহ হৈছে— গোলাঘাট, হোজাই, কামৰূপ, চৰাইদেউ, যোৰহাট, ডিব্ৰুগড়, শিৱসাগৰ, নগাঁও, কামৰূপ মহানগৰ, কাৰ্বি আংলং, তিনিচুকীয়া।
বানপানী ঘৰত, পথত আৰু কৃষিভূমিত সোমাই পৰাত হাজাৰ হাজাৰ পৰিয়ালে চূড়ান্ত দুৰ্ভোগৰ সন্মুখীন হৈছে। শিৱসাগৰ জিলাতেই সৰ্বাধিক প্ৰায় ৩.৭৫ লাখ লোক বানত ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ পিছতে চৰাইদেউত ১.৮৬ লাখ আৰু যোৰহাটত প্ৰায় ১.১৫ লাখ লোক বানৰ প্ৰভাৱত আছে।
উল্লেখযোগ্য যে, বুধবাৰে বানত ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা ৬.৪৩ লাখ আছিল। মাত্ৰ এদিনতে বানৰ বিস্তাৰ বৃদ্ধি পাই নতুনকৈ আন এখন জিলাসহ হাজাৰ হাজাৰ লোক ক্ষতিগ্ৰস্ত হৈছে।
গৃহহীন হৈ পৰা লোকসকলৰ বাবে প্ৰশাসনে ১০৩টা সাহায্য শিবিৰ মুকলি কৰিছে। বৰ্তমান এই শিবিৰসমূহত ২৪,১২৪ জনে আশ্ৰয় লৈ আছে। লগতে ২৫৫টা সাহায্য বিতৰণ কেন্দ্ৰৰ জৰিয়তে খাদ্য, খোৱাপানী আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ অব্যাহত আছে।
বানৰ ফলত ২৫,৩৭৫.৪৪ হেক্টৰ কৃষিভূমি এতিয়াও পানীৰ তলত আছে। ফলত চলিত বৰ্ষৰ কৃষি উৎপাদনত ব্যাপক ক্ষতি হোৱাৰ আশংকা প্ৰকাশ পাইছে।
ৰাজ্যৰ কেইবাখনো গুৰুত্বপূৰ্ণ নদী এতিয়াও বিপদসীমাৰ ওপৰেৰে বৈ আছে। অব্যাহত বৰষুণৰ বাবে নদীসমূহৰ জলস্তৰৰ ওপৰত প্ৰশাসনে নিৰন্তৰ নজৰ ৰাখিছে।
বানৰ ফলত ৰাজ্যৰ বিভিন্ন স্থানত পথ, দলং আৰু অন্যান্য ৰাজহুৱা আন্তঃগাঁথনিৰো ব্যাপক ক্ষতি হৈছে। পানী নামিলেহে পুনৰ মেৰামতিৰ কাম সম্পূৰ্ণৰূপে আৰম্ভ কৰিব পৰা যাব।
জিলা প্ৰশাসনে বানাক্ৰান্ত অঞ্চলৰ বাসিন্দাসকলক চৰকাৰী নিৰ্দেশনা মানি চলিবলৈ, নিয়মীয়াকৈ চৰকাৰী আপডেট অনুসৰণ কৰিবলৈ আৰু প্ৰয়োজন হ’লে নিৰাপদ স্থানলৈ স্থানান্তৰিত হ’বলৈ আহ্বান জনাইছে।
ডিজিটেল ডেস্ক, ২৪ জুলাই