অসমৰ শেহতীয়া বান পৰিস্থিতি সন্দৰ্ভত আয়োজন কৰা এখন সংবাদ মেলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে নাগালেণ্ড আৰু উজনি অসমৰ অভূতপূৰ্ব বৰষুণৰ ফলতেই এইবাৰৰ বিধ্বংসী বান পৰিস্থিতিৰ সৃষ্টি হৈছে। তেওঁ জনায়, ১৮ৰ পৰা ২০ জুলাইৰ ভিতৰত নাগালেণ্ডত ১৮১ শতাংশ আৰু অসমত ৩৩ শতাংশ অধিক বৰষুণ হোৱা ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জলস্তৰ বিপজ্জনকভাৱে বৃদ্ধি পাইছে।
মুখ্যমন্ত্ৰীৰ তথ্য অনুসৰি, চৰাইদেউত স্বাভাৱিক ৩১.৭ মিলিমিটাৰৰ বিপৰীতে ১৭১ মিলিমিটাৰ বৰষুণ (৪৩৬% অধিক) আৰু শিৱসাগৰত ৩৯.৯ মিলিমিটাৰৰ ঠাইত ৯৩.২ মিলিমিটাৰ বৰষুণ হৈছে। নাগালেণ্ডৰ মন, ৱাখা আৰু মুককচাঙতো অত্যধিক বৰষুণ ৰেকৰ্ড কৰা হৈছে।
মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, এতিয়ালৈকে বানৰ ফলত ৰাজ্যত ৪৭ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে শিৱসাগৰত ২১ জন, চৰাইদেউত ১০ জন, যোৰহাটত ৮ জন, ধেমাজিত ৩ জন, গোলাঘাট আৰু কাৰ্বি আংলঙত ২ জনকৈ আৰু শোণিতপুৰত এজন লোকৰ মৃত্যু হৈছে। আনহাতে, ধেমাজিৰ এজনকে ধৰি মুঠ ৮ জন লোক এতিয়াও সন্ধানহীন হৈ আছে।
বানত প্ৰায় ৫.৩০ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে আৰু ৩৩৩খন গাঁও প্লাবিত হৈছে। নাজিৰা সমষ্টিৰ প্ৰায় ৩০ শতাংশ আৰু শিৱসাগৰ সমষ্টিৰ ২০ শতাংশ অঞ্চললৈ এতিয়াও প্ৰশাসন সম্পূৰ্ণৰূপে যাব পৰা নাই। বহু ঠাইত ৩–৪ ফুট পলস জমা হোৱাৰ বাবে যোগাযোগ সম্পূৰ্ণ বিচ্ছিন্ন হৈ আছে।
মুখ্যমন্ত্ৰীয়ে কয় যে, NDRF, SDRF, সেনাবাহিনী, বায়ুসেনা আৰু জিলা প্ৰশাসনে একেলগে উদ্ধাৰ অভিযান চলাই আছে। বিভিন্ন জিলালৈ নাও, খাদ্যসামগ্ৰী, বিশুদ্ধ খোৱাপানী, বিস্কুট আদি প্ৰেৰণ কৰা হৈছে। শিৱসাগৰ আৰু চৰাইদেউত খাদ্যসামগ্ৰীৰ অভাৱ হোৱা বাবে তিনিচুকীয়া, ডিব্ৰুগড় আৰু কামৰূপ মহানগৰৰ পৰা সাহায্য সামগ্ৰী পঠিওৱা হৈছে।
এয়াৰ ড্ৰপিঙৰ জৰিয়তে খাদ্য প্ৰেৰণৰ চেষ্টা কৰা হৈছিল যদিও পেকেট ফাটি যোৱাৰ সমস্যা দেখা দিয়াত বায়ুসেনাৰ সৈতে নতুন ব্যৱস্থা সম্পৰ্কে আলোচনা চলি আছে। লগতে ক্ষতিগ্ৰস্ত পথসমূহ পুনৰ মুকলি কৰিবলৈ সেনাবাহিনীৰ সহায় লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
মুখ্যমন্ত্ৰীয়ে জনায় যে, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে ইতিমধ্যে এই সন্দৰ্ভত আলোচনা হৈছে আৰু কাইলৈ কেন্দ্ৰীয় প্ৰতিনিধি দল অসমলৈ আহিব। ধেমাজি আৰু লখিমপুৰৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ পিছত দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰীয় দল ৰাজ্য ভ্ৰমণ কৰিব।
NHMৰ জৰিয়তে এম্বুলেন্স মোতায়েন কৰাৰ লগতে ডিব্ৰুগড় আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসকৰ দল বানাক্ৰান্ত অঞ্চললৈ প্ৰেৰণ কৰা হৈছে। বৰ্তমানো প্ৰায় ৪০ হাজাৰ পৰিয়াল বিদ্যুৎ সংযোগৰ পৰা বঞ্চিত হৈ আছে।
মুখ্যমন্ত্ৰীয়ে কয় যে, বানত কৃষক, মৎস্য পালক আৰু পশুপালকসকলো ব্যাপক ক্ষতিৰ সন্মুখীন হৈছে। আগন্তুক তিনিদিনৰ পিছত কৃষি, স্বাস্থ্য আৰু পশুপালন মন্ত্ৰীক বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শনৰ নিৰ্দেশ দিয়া হৈছে। ক্ষতিগ্ৰস্ত লোকৰ তথ্য সংগ্ৰহৰ বাবে এক বিশেষ মোবাইল এপো আৰম্ভ কৰা হৈছে।
অসম-মেঘালয় সীমান্তত হোৱা ভূমিস্খলন আৰু মেঘালয়ৰ পৰা নামি অহা পানীয়ে গুৱাহাটী বিমানবন্দৰলৈও ভাবুকি কঢ়িয়াই আনিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। এই বিষয়টো বৰ্তমান উচ্চ ন্যায়ালয়ত বিচাৰাধীন বুলি তেওঁ জানিবলৈ দিয়ে।
মুখ্যমন্ত্ৰীয়ে শেষত ৰাজ্যবাসীক সজাগ হৈ থাকিবলৈ আহ্বান জনাই কয় যে পৰিস্থিতি এতিয়াও জটিল আৰু সকলো বিভাগে সমন্বয়ৰ ভিত্তিত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত ৰাখিছে।
ডিজিটেল ডেস্ক, ২৪ জুলাই