নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ নতুন বজাৰৰ মা কালী মন্দিৰত চোৰৰ লুটপাত

ডিজিটেল ডেস্ক, ২৫ জুলাই : গুৱাহাটী মহানগৰীত দিনকদিনে বৃদ্ধি পাবলৈ ধৰিছে চোৰৰ তাণ্ডৱ। এইবাৰ উপাসনাস্থলীকো ৰেহাই নিদিলে চোৰৰ দলে। মহানগৰীৰ নতুন বজাৰস্থিত মা কালী মন্দিৰত সংঘটিত হৈছে এক ভয়ংকৰ চুৰি কাণ্ড।

প্ৰাপ্ত তথ্য অনুসৰি, অতি পৰিকল্পিতভাৱে মন্দিৰটোৰ খিৰিকী ভাঙি ভিতৰত প্ৰৱেশ কৰে দুষ্কৃতিকাৰীৰ এটা দলে। তাৰ পিছতে মা কালীৰ প্ৰতিমাত থকা প্ৰায় ১০ লাখ টকাৰ মূল্যৱান সোণৰ অলংকাৰ লুটি লৈ যায় বুলি জানিব পৰা গৈছে।

চতুৰ চোৰৰ দলটোৱে ঘটনাৰ কোনো প্ৰমাণ যাতে থাকি নাযায়, তাৰ বাবে মন্দিৰৰ চি চি টিভি কেমেৰাসমূহো ভাঙি পেলায়। কেৱল সেয়াই নহয়, চোৰে চি চি টিভিৰ হাৰ্ড ডিস্ক পৰ্যন্ত লৈ যায়।

পিছত খিৰিকী ভঙা আৰু অলংকাৰ নোহোৱা প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। মহানগৰীৰ বুকুত এনেদৰে মন্দিৰত সোমাই লুটপাত চলোৱা কাণ্ডই স্থানীয় ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ লগতে ক্ষোভৰ সৃষ্টি কৰিছে।

You might also like