ডিজিটেল ডেস্ক, ২৫ জুলাই : দিল্লীৰ যন্তৰ মন্তৰত ‘ককৰোচ জনতা পাৰ্টী’ (CJP)ৰ ধাৰাবাহিক আৰু তীব্ৰ আন্দোলনৰ পিছত পদত্যাগ কৰিবলৈ বাধ্য হ’ল কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। শনিবাৰে শিক্ষামন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে ধৰ্মেন্দ্ৰ প্ৰধানে ৷ এক্সত এটা পোষ্টৰ জৰিয়তে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে ধৰ্মেন্দ্ৰ প্ৰধানে। তদুপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীগৰাকীয়ে।
পদত্যাগৰ কথা ঘোষণা কৰি সামাজিক মাধ্যমত এক আৱেগিক পোষ্ট শ্বেয়াৰ কৰে ধৰ্মেন্দ্ৰ প্ৰধানে। তেওঁ লিখে— “শিক্ষাৰ সংস্কাৰ আৰু ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ বাবে মই যোৱা চাৰিটা দশক উছৰ্গা কৰিছোঁ। বিগত ৩ মে’ত নীট পৰীক্ষাত যি অনিয়ম হৈছিল, তাৰ দায়িত্ব মই প্ৰথম দিনাৰ পৰাই লৈ আহিছোঁ। যন্তৰ মন্তৰ আৰু সমগ্ৰ দেশজুৰি সৃষ্টি হোৱা পৰিস্থিতিৰ সুযোগ যাতে কোনো দেশবিৰোধী শক্তিয়ে ল’ব নোৱাৰে আৰু কোনো পৰীক্ষাৰ্থী যাতে আইনী জটিলতাত নপৰে, সেই কথা বিবেচনা কৰিয়েই মই পদত্যাগৰ সিদ্ধান্ত ল’লোঁ।”
‘মই দেশৰ যুৱপ্ৰজন্মৰ আকাংক্ষা, ভাবনা আৰু তেওঁলোকৰ ন্যায়সংগত প্ৰত্যাশাক গভীৰ সন্মান জনাওঁ। ভাৰতৰ যুৱপ্ৰজন্মৰ সপোনসমূহ বাস্তৱায়িত কৰাটো আমাৰ সকলোৰে ৰাজনৈতিক তথা সামাজিক জীৱনৰ নৈতিক সংকল্প হৈ আহিছে। শ্ৰদ্ধেয় প্ৰধানমন্ত্ৰীদেৱৰ দূৰদৰ্শী নেতৃত্বত ৰাষ্ট্ৰৰ সেৱা কৰাৰ যি সুযোগ মই লাভ কৰিলোঁ, তাৰ বাবে মই প্ৰধানমন্ত্ৰীদেৱক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।”
তেওঁ লগতে উল্লেখ কৰে যে ২১ জুনত নীট পৰীক্ষা পুনৰ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰা হয় আৰু ১৬ জুলাইত ফলাফল ঘোষণা কৰা হয়। কিন্তু এই সময়ছোৱাতো বহু ছাত্ৰ-ছাত্ৰীক বিপথে পৰিচালিত কৰিবলৈ দায়িত্বশীল পদত থকা ব্যক্তিসকলে বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছিল, যাৰ বাবে মোৰ মন অত্যন্ত ব্যথিত হৈছিল।”
উল্লেখ্য যে ‘ককৰোচ জনতা পাৰ্টী’ (CJP)য়ে স্পষ্ট কৰি দিছিল যে শিক্ষামন্ত্ৰীৰ পদত্যাগ অবিহনে তেওঁলোকে আন্দোলন প্ৰত্যাহাৰ নকৰে আৰু এই বিষয়ত কোনো বুজাবুজিলৈ নাহে। চৰকাৰৰ সৈতে চিজেপিৰ প্ৰতিনিধিৰ বৈঠক অনুষ্ঠিত হৈছিল যদিও আন্দোলনকাৰীসকল নিজৰ দাবীত অটল আছিল। শনিবাৰে বিয়লি তৃতীয়খন বৈঠক অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু তাৰ প্ৰায় কিছু সময় পূৰ্বে ধৰ্মেন্দ্ৰ প্ৰধানে নিজৰ পদত্যাগ পত্ৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাতত অৰ্পণ কৰে।