উজনি অসমৰ ভয়াৱহ বানপানীত ক্ষতিগ্ৰস্ত লোকসকলক সহায়ৰ হাত আগবঢ়োৱাৰ উদ্দেশ্যৰে গোৱালপাৰা জিলাৰ দুধনৈ খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ তৰফৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। দুধনৈ খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক সহায় কৰাৰ বাবে প্ৰয়োজন হোৱা খাদ্য সামগ্ৰী, ঔষধ, বস্ত্ৰ, শিশুৰ খাদ্যৰ লগতে আৰ্থিক সাহায্য সুহৃদসকলৰ পৰা সংগ্ৰহ কৰি আছে।
জিলাখনৰ ৰংজুলি, দুধনৈ, ধূপধৰা, দৰংগিৰি, ধনুভাঙা চহৰৰ ব্যৱসায়িক প্ৰতিষ্ঠান আৰু স্থানীয় ব্যক্তিৰ পৰা সাহায্য সংগ্ৰহ কৰাৰ লগতে শিক্ষক-শিক্ষয়িত্ৰী, স্থানীয় ৰাইজে স্বতঃস্ফূৰ্ত সহযোগিতা আগবঢ়াইছে । অহা ২৯ জুলাইত সাহায্য সামগ্ৰী লৈ দুধনৈ খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ এটি সঁজাতী দলে বানপীড়িতসকলক সাহায্য প্ৰদান কৰিব বুলি দুধনৈ খণ্ড প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক নয়ন জ্যোতি কলিতা, উপদেষ্টা নমল চন্দ্ৰ ৰাভা, গোৱালপাৰা জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক পৰাগ চন্দ্ৰ বড়োই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।
লগতে সদাশয় সকলো শ্ৰেণীৰ ৰাইজকে সাহায্য পুঁজিলৈ সহায় আগবঢ়াবৰ বাবে বিনম্ৰতাৰে আহ্বান জনাইছে । তেওঁলোকলৈ প্ৰত্যক্ষভাৱে ৭০০২৪৭৬৮১১, ৯৩৬৫২৫২৫১৪, ৯১০১১৯১৬৫৩ নম্বৰত সাহায্য পঠিয়াবলৈ আহ্বান জনাইছে । নগদ ধন, খাদ্য সামগ্ৰী, কাপোৰ, শিশুখাদ্য, ঔষধ আদিৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীও আগবঢ়াব পাৰিব। সাহায্য সংগ্ৰহত উপস্থিত থকা শিক্ষক-শিক্ষয়িত্ৰীসকল ক্ৰমে কবিতা দাস, দীপান্তি ব্ৰহ্ম, চিনাকি ৰাভা, ইলা ৰাভা, মৃদুলা ৰাভা, ৰুমী পাটৰ, নিজৰা ৰাভা, দীপা দেৱী, তপন দাস, শংকৰ চন্দ্ৰ দাস, ৰাতুল নাথ, নয়ন জ্যোতি কলিতা, নমল চন্দ্ৰ ৰাভা, পৰাগ চন্দ্ৰ বড়ো, বিনয় ৰয় আৰু ধৰ্মেন্দ্ৰ কছাৰী ।
নিয়মীয়া বাৰ্তা, টিপলাই, ২৫ জুলাই :