ডিজিটেল ডেস্ক, ২৬ জুলাই : ৰাজ্যত অব্যাহত থকা ভয়াৱহ বান পৰিস্থিতিৰ মাজতে বানাক্ৰান্ত লোকসকলৰ কাষত থিয় হ’বলৈ সমগ্ৰ অসমৰ বিজেপি কৰ্মীসকলক সক্ৰিয়ভাৱে সাহায্য অভিযানত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে আজাৰাত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যিক বিজেপিৰ এক বিশেষ সাহায্য অভিযানৰ বিষয়ে সদৰী কৰে।
মুখ্যমন্ত্ৰী ড০ শৰ্মাই জনোৱা অনুসৰি, অসম ৰাজ্যিক বিজেপিয়ে বানপীড়িত অঞ্চলৰ ২ লাখ আই মাতৃক মেখেলা-চাদৰ আৰু ২ লাখ শিশুক বস্ত্ৰ বিতৰণ কৰাৰ বাবে ১২ কোটি টকাৰ এক সাহায্য অভিযানৰ পদক্ষেপ আৰম্ভ কৰিছে। এই কাৰ্যসূচীৰ অধীনত ২০০০ টকাতকৈ কম বৰঙণি আগবঢ়াব বিচৰা দলীয় কৰ্মী তথা সমৰ্থকসকলক নিজ নিজ এলেকাৰ স্থানীয় বিধায়কসকলৰ হাতত অনুদান তুলি দিবলৈ অনুৰোধ জনোৱা হৈছে। আনহাতে, ২০০০ টকাতকৈ অধিক বৰঙণি আগবঢ়াব বিচৰাসকলে পোনপটীয়াকৈ দলৰ নিৰ্ধাৰিত বেংক একাউণ্টত ধন জমা কৰিব পাৰিব, যাৰ সবিশেষ অতিশীঘ্ৰেই সামাজিক মাধ্যমত প্ৰকাশ কৰা হ’ব।
অসমৰ লগতে দেশৰ অন্যান্য প্ৰান্তৰ বিজেপি কৰ্মীসকলেও এই মানৱীয় পদক্ষেপলৈ সম্পূৰ্ণ সমৰ্থনৰ আশ্বাস দিছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ আশা প্ৰকাশ কৰে যে অহা চাৰিৰ পৰা পাঁচ দিনৰ ভিতৰত নিৰ্ধাৰিত ১২ কোটি টকা সংগ্ৰহ সম্পূৰ্ণ হ’ব, যাৰ ফলত বিশেষভাৱে ক্ষতিগ্ৰস্ত শিৱসাগৰ, চৰাইদেউ, গোলাঘাট আৰু যোৰহাট জিলাৰ বানপীড়িত পৰিয়ালসমূহলৈ অতিশীঘ্ৰে সাহায্য প্ৰেৰণ কৰা সম্ভৱ হৈ উঠিব।