ডিজিটেল ডেস্ক, ২৬ জুলাই : অসমৰ কাছাৰ জিলাৰ এটা উদ্যোগত এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয়। জিলাখনৰ উদাৰবন্দ সমষ্টিৰ অন্তৰ্গত পানগ্ৰামস্থিত ‘কে ডি ৰড ইণ্ডাষ্ট্ৰী’ নামৰ উদ্যোগটোত সংঘটিত এক সন্দেহজনক এলপিজি চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অতিকমেও ৪গৰাকী শ্ৰমিকৰ কৰুণ মৃত্যু ঘটে। এই ঘটনাত আন কেইবাগৰাকীও শ্ৰমিক গুৰুতৰভাৱে আহত হয়।
প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি, বিস্ফোৰণটো ইমানেই শক্তিশালী আছিল যে ই সমগ্ৰ এলেকাটো কঁপাই তোলে আৰু উদ্যোগটোৰ চৌহদত তীব্ৰ আতংকৰ সৃষ্টি কৰে। ঘটনাৰ লগে লগে আহত শ্ৰমিকসকলক ততাতৈয়াকৈ উদ্ধাৰ কৰি শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁলোকৰ চিকিৎসা অব্যাহত আছে।
ঘটনা সন্দৰ্ভত খবৰ পোৱাৰ পিছতেই কাছাৰ আৰক্ষীৰ এটা দল উপস্থিত হৈ নিহত শ্ৰমিকসকলৰ মৃতদেহ উদ্ধাৰ কৰে আৰু মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। অৱশ্যে নিহত শ্ৰমিকসকলৰ পৰিচয় এই পৰ্যন্ত আনুষ্ঠানিকভাৱে নিশ্চিত কৰা হোৱা নাই। সমগ্ৰ ঘটনাটোক লৈ আৰক্ষীয়ে এক বিস্তৃত তদন্ত আৰম্ভ কৰিছে। প্ৰাথমিক তদন্তত এলপিজি চিলিণ্ডাৰ বিস্ফোৰণৰ বাবেই এই অঘটন ঘটা বুলি সন্দেহ কৰা হৈছে যদিও প্ৰকৃত কাৰণ এতিয়াও নিশ্চিত হোৱা নাই।
ইফালে, এই ভয়াৱহ বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা চাৰিজনলৈ বৃদ্ধি হোৱা বুলি মন্ত্ৰী কৌশিক ৰয়ে সংবাদ মাধ্যমক সম্বোধন কৰি নিশ্চিত কৰে। দেওবাৰে পুৱা প্রায় ১১.০৩ বজাত এই বিস্ফোৰণ সংঘটিত হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ মুখ্যমন্ত্রীয়ে নিহতৰ পৰিয়াললৈ ৫ লাখ টকাৰ আৰ্থিক সাহায্যত অনুমোদন জনাইছে। প্ৰতিজন মৃত শ্ৰমিকৰ পৰিয়ালক ৫ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।