নাজিৰাৰ বানাক্ৰান্তলৈ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ উদ্যোগত নতুন বস্ত্ৰ প্ৰেৰণ
নাজিৰাৰ শেহতীয়া ভয়াৱহ বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ কাষত থিয় দিয়াৰ মানসেৰে অসম চৰকাৰৰ বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ব্যক্তিগত উদ্যোগত এক ট্ৰাক নতুন বস্ত্ৰ প্ৰেৰণ কৰে। এই দুৰ্যোগৰ সময়ত দুৰ্দশাগ্ৰস্ত ৰাইজৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰি তেওঁ এই সহায়ৰ হাত আগবঢ়ায়।
সাহায্য সামগ্ৰী প্ৰেৰণৰ পূৰ্বে মন্ত্ৰীগৰাকীয়ে নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁইৰ সৈতে টেলিফোনযোগে অঞ্চলটোৰ বান পৰিস্থিতিৰ বুজ লয়। বাৰ্তালাপৰ সময়ত বিধায়কগৰাকীয়ে জনায় যে চৰকাৰৰ ফালৰ পৰা বানপীড়িতসকললৈ খাদ্য আৰু অন্যান্য অত্যাৱশ্যকীয় সাহায্য সামগ্ৰী নিয়মিতভাৱে যোগান ধৰি থকা হৈছে যদিও, কেইবাদিনো ধৰি ঘৰ-দুৱাৰ পানীৰ তলত ডুব গৈ থকাৰ ফলত বহু পৰিয়ালৰ কাপোৰ-কানি নষ্ট হৈ পৰিছে আৰু তেওঁলোক তীব্ৰ বস্ত্ৰসংকটত ভুগিছে।
এই পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই বিত্ত মন্ত্ৰীগৰাকীয়ে তৎক্ষণাত দুৰ্দশাগ্ৰস্ত পৰিয়ালসমূহলৈ নতুন বস্ত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে। সাহায্য সামগ্ৰীৰ ভিতৰত টি-শ্বাৰ্ট, মেখেলা-চাদৰ, শ্বাৰ্ট, ট্ৰেক পেণ্ট আৰু শাৰী অন্তৰ্ভুক্ত, যি বানপীড়িত পৰিয়ালসমূহৰ তাৎক্ষণিক বস্ত্ৰৰ প্ৰয়োজনীয়তা পূৰণত সহায়ক হ’ব।
ইফালে, সাহায্য সামগ্ৰীসমূহ ইতিমধ্যে নাজিৰাৰ বিধায়ক ময়ূৰ বৰগোহাঁইৰ হাতত অৰ্পণ কৰা হৈছে। প্ৰকৃত দুৰ্দশাগ্ৰস্ত পৰিয়ালসমূহে যাতে সময়মতে এই সাহায্য লাভ কৰে, তাৰ বাবে তেখেতে নিজেই বিতৰণ কাৰ্য তদাৰক কৰিব।
এই পদক্ষেপ সম্পৰ্কে মত প্ৰকাশ কৰি বিত্ত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয় যে, এনে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত বিপদগ্ৰস্ত লোকসকলৰ কাষত থিয় দিয়াটো সমাজৰ প্ৰতিগৰাকী ব্যক্তিৰ নৈতিক দায়িত্ব। চৰকাৰে পূৰ্ণ পৰ্যায়ত উদ্ধাৰ, সাহায্য আৰু পুনৰসংস্থাপনৰ কাম অব্যাহত ৰাখিছে যদিও, সংহাৰী বানত নিজৰ ঘৰৰ সৰ্বস্ব হেৰুৱাবলগীয়া হোৱা পৰিয়ালসমূহৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ ভিতৰত বিশেষকৈ বস্ত্ৰৰ প্ৰয়োজনীয়তা পূৰণ কৰাটোও সমানেই গুৰুত্বপূৰ্ণ।
ইফালে, বানাক্ৰান্ত ৰাইজৰ সেৱাত অহোৰাত্ৰ নিয়োজিত প্ৰতিগৰাকী ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে যে এই ক্ষুদ্ৰ প্ৰয়াসে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক কিছু পৰিমাণে হ’লেও সকাহ আৰু নতুনকৈ জীৱন গঢ়াৰ সাহস যোগাব।
ডিজিটেল ডেস্ক, ২৫ জুলাই