নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তচনচ উজনিৰ স্বাভাৱিক জীৱনযাত্রা, বানত ৬৮জনলৈ বৃদ্ধি মৃতকৰ সংখ্যা

ডিজিটেল ডেস্ক, ২৭ জুলাই : ধনে–ধানে, গাড়ীয়ে–মটৰে, শস্যে–মৎস্যে একোখন ভৰাঘৰ উজনিৰ শিৱসাগৰ, যোৰহাট, চৰাইদেউ, নাজিৰা সমজিলাৰ প্রায় প্রতিখন ঘৰৰে, প্রতিখন গাঁৱৰে এয়া এক চিৰপৰিচিত চিনাকি ছবি৷ কোনোদিনে অভাৱ নামৰ শব্দটোৰ সৈতে চিনাকি নথকা এই তিনি জিলাৰ গাঁও–ভূঞে, নগৰ–চহৰত এতিয়া এক অভাৱনীয় পৰিস্থিতি, এক হাহাকাৰ অৱস্থা৷

১৯ জুলাইত দিখৌ, জাঁজী, ভোগদৈ, নামদাং, দৰিকা, টাওকাক আদিকে ধৰি সৰু–বৰ নদীয়েদি নাগালেণ্ডৰ পাহাৰীয়া জিলাসমূহৰ পৰা নামি অহা পানীৰ প্রচণ্ড সোঁতে মুহূর্তৰ ভিতৰতে তচনচ কৰি দিলে এইসমূহ জিলাৰ লাখ লাখ লোকৰ জীৱন–জীৱিকা আৰু দৈনন্দিন জীৱন৷ বছৰ বছৰ ধৰি একপ্রকাৰ অভিজাত জীৱন কটাই অহা এইসকল লোক ১৯ জুলাইৰ প্রলয়ংকৰী বানৰ কবলত পৰি এতিয়া একপ্রকাৰ সর্বস্বান্ত৷

প্রলয়ংকৰী বানৰ কবলত পৰি এইকেইখন জিলাৰ লাখ লাখ লোকে এতিয়া পথৰ ওপৰত তম্বু তৰি পাৰ কৰিবলগীয়া হৈছে দৈনন্দিন জীৱন৷ এমুঠি ভাত, এমুঠি খিচিৰি, এবটল পানীৰ বাবে, পিন্ধিবৰ বাবে এটুকুৰা সৰু কাপোৰৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে এইসকল বানাক্রান্ত লোকে৷ যোৱা ৮টাকৈ দিন বানৰ কবলত থকা এইসকল লোক এতিয়াও নিজৰ সপোনৰ, প্রাণৰ ঘৰখনলৈ উভতি যাব পৰা নাই৷ কিছু লোকে পানী শুকুওৱাৰ কাৰণে আপোন ঘৰখনলৈ যাবলৈ সক্ষম হৈছে যদিও চকুৰ সন্মুখত প্রিয় ঘৰখনৰ আলৈ–আথানি আৰু দুৰৱস্থা দেখি তেওঁলোকৰ চকুৰ পানী বৈছে৷

বছৰ বছৰ ধৰি এক অভিজাত আৰু স্বাছন্দ্য জীৱন কটাই অহা আপোন ঘৰখনৰ দুৰৱস্থা দেখি প্রতিগৰাকী বানাক্রান্তৰ বুকু বিদাৰি গৈছে৷ কেৱল ইমানেই নহয়, প্রাণৰ আপোন গাঁওখন এতিয়া যেন তেনেই অচিনাকি৷ বানৰ প্রকোপত ইতিমধ্যে মৃত্যু হোৱা লাখ লাখ পশু তথা বহু সন্ধানহীন হৈ থকা লোকৰ মৃতদেহৰ দুর্গন্ধ আৰু নদীৰ পলসে পুতি পেলোৱা ঘৰ আৰু পথাৰ দেখি হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে বন্যার্তৰ৷ ভঁৰালৰ ধান, পশুধন, কিতাপ, মূল্যৱান নথি–পত্র, ঘৰৰ আচবাবৰ কোনো অস্তিত্ব নাই এতিয়া এইসকল বন্যার্তৰ৷ এটুপি খোৱাপানীৰ বাবে হাহাকাৰ লাগিছে বন্যার্তৰ মাজত৷

প্রলয়ংকৰী বানে তচনচ কৰা হেঁপাহৰ ঘৰখন বোকা–মাটি–পলসে পুতি পেলোৱাৰ পাছত পূর্বৰ দৰে কৰি তুলিবলৈ আপ্রাণ চেষ্টা চলাইছে গৃহস্থ তথা গাঁওবাসীয়ে৷ পানী শুকালেও খোৱাপানীৰ সমস্যা, অর্থাভাৱ, উৎকট দুর্গন্ধ আদিৰ বাবে আপোন ঘৰখনলৈও বহু লোক এতিয়াও ঘূৰি যাব পৰা নাই৷ ঘৰৰ সকলো সম্পদ হেৰুৱাই তীব্র অনাটনত ভাৰাক্রান্ত হৈ পৰা এইসকল লোক তথা পৰিয়ালে আৰম্ভ কৰিব লাগিব শূন্যৰ পৰা জীৱন৷ বানত সকলো হেৰুৱাই দিশহাৰা হোৱা বানাক্রান্তই কণ কণ ল’ৰা–ছোৱালীক কোলাই–বোকাচাই বান্ধি তির্পালৰ তলত কটাব লগা হৈছে দুর্বিষহ জীৱন৷

নাজিৰাৰ বিহুবৰৰ নেপালীখুঁটি, কমল চাপৰি, চণ্টক আদিকে ধৰি বিস্তৃর্ণ অঞ্চল, সোণাৰিৰ হলৌ ফুকন পঞ্চায়তৰ বিস্তীর্ণ গাঁও, মাহমৰা সমষ্টিৰ দলবাগান, টেঙাপুখুৰী, গেলেকী আদি বিভিন্ন অঞ্চলৰ লগতে গৌৰীসাগৰৰ বিভিন্ন অঞ্চলত এতিয়া পানী শুকাইছে যদিও স্বাভাৱিক জীৱনযাত্রা ঘূৰি অহা নাই৷ বিহুবৰৰ লগতে নাজিৰাৰ বিভিন্ন গাঁৱত বানৰ পানী আবদ্ধ হৈ থকাত বহু পৰিয়াল এতিয়াও বাসগৃহত আবদ্ধ হৈ থাকিব লগা হৈছে৷ বহুসংখ্যক লোকৰ খেতিপথাৰ একঁকাললৈকে পুতি পেলোৱাৰ লগতে ৰাস্তা–ঘাট, ঘৰৰ চোতাল আদি পলসে পুতি পেলোৱাত পৰিয়ালসমূহ ঘৰৰ ভিতৰত সোমাব নোৱাৰা অৱস্থা হৈছে৷

বিহুবৰৰ নেপালীখুঁটিত দুহাজাৰতকৈও অধিক গাইগৰুৰ মৃত্যু হোৱা বুলি অৱগত কৰিছে একাংশ গো–পালকে৷ অঞ্চলটোৰ শিলনি অঞ্চলক বাদ আন স্থানৰ পৰা প্রাণৰক্ষা কৰি ওলাই অহা মাদ্রাজীবস্তি, চণ্টক, চণ্টক চাহ বাগিচাৰ বহু লোকে এতিয়াও পথৰ ওপৰত তম্বু তৰি জীৱন কটাবলগা হৈছে৷

শেহতীয়া তথ্য অনুসৰি, এই পৰ্যন্ত বানত ৰাজ্যত ৬৮জন লোকৰ মৃত্যু হৈছে৷ ইয়াৰে ৬৭জন লোকেই শিৱসাগৰ, চৰাইদেউ, যোৰহাটৰ বুলি প্রকাশ কৰিছে৷ আনহাতে, এজন লোক কামৰূপ মহানগৰ জিলাৰ।

You might also like