নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘প্ৰতিৰক্ষা’ক শক্তিশালী কৰাৰ বিশাল পদক্ষেপ ভাৰতৰ, অপেক্ষা উত্তৰলৈ

ভাৰত আৰু ফ্ৰান্সৰ মাজত ১১৪খন ৰাফেল যুদ্ধবিমান ক্ৰয়ৰ প্ৰস্তাৱিত চৰকাৰ-টু-চৰকাৰ (Government-to-Government) চুক্তিক কেন্দ্ৰ কৰি নতুন অগ্ৰগতি দেখা গৈছে। ভাৰতীয় বায়ুসেনাৰ জৰুৰী প্ৰয়োজনীয়তা পূৰণৰ লক্ষ্যৰে ভাৰত চৰকাৰে চলিত বৰ্ষৰ মে’ মাহত ফ্ৰান্স চৰকাৰলৈ লেটাৰ অৱ ৰিকুৱেষ্ট (LoR) প্ৰেৰণ কৰিছিল। এই সন্দৰ্ভত ফ্ৰান্সে আগষ্ট মাহৰ মাজভাগত আনুষ্ঠানিক উত্তৰ দিব বুলি আশা কৰা হৈছে।

ভাৰতীয় প্ৰতিৰক্ষা বিষয়াসকলে জনোৱা অনুসৰি, ফ্ৰান্সে ভাৰতৰ LoR-ৰ ওপৰত চূড়ান্ত মতামত দিবলৈ আগষ্টৰ মাজভাগলৈ সময় বিচাৰিছে। ফ্ৰান্সৰ উত্তৰ লাভ কৰাৰ পিছত দুয়ো দেশৰ মাজত ১১৪খন ৰাফেল যুদ্ধবিমানৰ মূল্য, উৎপাদন আৰু অন্যান্য কাৰিকৰী দিশ সম্পৰ্কে বিস্তৃত আলোচনা আৰম্ভ হ’ব।

প্ৰস্তাৱিত চুক্তি অনুসৰি, ফ্ৰান্সৰ বিমান নিৰ্মাতা সংস্থা ডাচল্ট এভিয়েচন (Dassault Aviation)-এ ভাৰতীয় এটা প্ৰতিষ্ঠানৰ সৈতে পাৰ্টনাৰশ্বিপত ১১৪খনৰ ভিতৰত ৯৪খন ৰাফেল যুদ্ধবিমান ভাৰততেই নিৰ্মাণ কৰিব পাৰে। এই পদক্ষেপে দেশীয় উৎপাদনক শক্তিশালী কৰাৰ লগতে ‘মেক ইন ইণ্ডিয়া’ অভিযানকো অধিক গতি দিব বুলি আশা কৰা হৈছে।

ৰাছিয়াত নিৰ্মিত মিগ শ্ৰেণীৰ যুদ্ধবিমান ক্ৰমে অৱসৰলৈ যোৱাৰ লগতে LCA Tejas Mark-1A আৰু Mark-2 যুদ্ধবিমান অন্তৰ্ভুক্ত হোৱাত বিলম্ব হোৱাৰ বাবে ভাৰতীয় বায়ুসেনাৰ স্কোৱাড্ৰনৰ সংখ্যা হ্ৰাস পাইছে। এই পৰিস্থিতিত নতুন ৰাফেল যুদ্ধবিমানসমূহ বায়ুসেনাৰ যুদ্ধক্ষমতা বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

ইয়াৰ পূৰ্বেই ভাৰতীয় বায়ুসেনা আৰু নৌসেনাই ডাচল্ট এভিয়েচনৰ পৰা ৬২খন ৰাফেল যুদ্ধবিমান ক্ৰয়ৰ অৰ্ডাৰ দিছিল। যদি নতুনকৈ ১১৪খন ৰাফেল ক্ৰয়ৰ চুক্তি সম্পন্ন হয়, তেন্তে ভাৰতৰ মুঠ ৰাফেল যুদ্ধবিমানৰ সংখ্যা ১৭৬খনলৈ বৃদ্ধি পাব।

ইফালে, সাগৰীয় নিৰাপত্তা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ভাৰতীয় নৌসেনাই পূৰ্বৰ অৰ্ডাৰৰ বাহিৰেও অতিৰিক্ত ৩১খন ৰাফেল মেৰিন যুদ্ধবিমান অন্তৰ্ভুক্ত কৰাৰ আগ্ৰহ প্ৰকাশ কৰিছে। এই প্ৰস্তাৱো অনুমোদিত হ’লে ভাৰতৰ হাতত থকা ৰাফেল যুদ্ধবিমানৰ সংখ্যা ২০০ৰো অধিক হ’ব।

ডিজিটেল ডেস্ক, ২৭ জুলাই

You might also like