নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭.১ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পই কঁপালে জাপান : ছুনামিৰ সতৰ্কবাণী

ডিজিটেল ডেস্ক, ২৮ জুলাই : এক শক্তিশালী ভূমিকম্পই কঁপাই তুলিলে জাপান। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য ৭.১। ভূমিকম্পৰ পাছতেই জাপানত জাৰি কৰা হৈছে ছুনামিৰ সতৰ্কবাণী।

উল্লেখ্য যে ৭.১ প্ৰাবল্যৰ এক ভয়াৱহ ভূমিকম্পই কঁপাই তুলিলে দক্ষিণ জাপানৰ কুমামোতো প্ৰদেশ। প্ৰচণ্ড ভূঁইকঁপৰ পাছতেই জাপানৰ দক্ষিণ দিশত অৱস্থিত কিউশু দ্বীপৰ কেইবাটাও উপকূলীয় অঞ্চলত চৰকাৰৰ ফালৰ পৰা ছুনামিৰ সতৰ্কবাণী জাৰি কৰা হৈছে। জাপানৰ বতৰ বিজ্ঞান সংস্থাই প্ৰকাশ কৰা অনুসৰি, এই ভূমিকম্পৰ প্ৰভাৱত কিউশু দ্বীপৰ উপকূলীয় অঞ্চলসমূহত সাগৰৰ ঢৌৰ উচ্চতা এক মিটাৰ পৰ্যন্ত বৃদ্ধি পাব পাৰে। ইয়াৰ প্ৰতি লক্ষ্য ৰাখি উপকূল অঞ্চলৰ বাসিন্দাসকলক প্ৰশাসনৰ তৰফৰ পৰা ক্ষিপ্ৰতাৰে নিৰাপদ স্থানলৈ আঁতৰি যাবলৈ পৰামৰ্শ দিয়া হৈছে।

এই ভয়াৱহ ভূঁইকঁপৰ পাছতে জাপান চৰকাৰে কিউশু দ্বীপৰ অন্তৰ্গত নাগাচাকী, কুমামোতো, কাগোছিমা, ফুকুওকা আৰু সাগাত জৰুৰী সতৰ্কতা জাৰি কৰিছে। ভূমিকম্পৰ ফলত বৰ্তমানলৈকে কোনো ডাঙৰ ক্ষয়-ক্ষতি বা লোকচানৰ খবৰ পোৱা হোৱা নাই যদিও স্থানীয় প্ৰশাসনে সমগ্ৰ অঞ্চলটোত ক্ষয়-ক্ষতিৰ প্ৰকৃত পৰিমাণৰ বুজ ল’বলৈ অনুসন্ধান আৰম্ভ কৰিছে।

You might also like