নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুটখা, চুপাৰি বন্ধ কৰিবলৈ কেন্দ্ৰৰ নিৰ্দেশ

নিয়মীয়া বাৰ্তা ১৪ এপ্ৰিলঃ ক’ৰোনাৰ সংক্ৰমণ ৰোধ কৰিবৰ বাবে আন এক পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰই । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে ৰাজ্য চৰকাৰসমূহলৈ পত্ৰ প্ৰেৰণ কৰি ধঁপাত আৰু চুপাৰিৰ বিক্ৰী বন্ধ কৰিবলৈ নিৰ্দেশ দিছে। এনেবোৰ সামগ্ৰী সেৱন কৰি ৰাজহুৱা স্থানত
পিকাই থাকি ক’ৰোনা ভাইৰাছ বিয়পাৰ আশংকা প্ৰকাশ কৰিছে কেন্দ্ৰই। যাৰ পৰিপেক্ষিতত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে এনে সামগ্ৰী সমূহ সাময়িক ভাৱে বন্ধ কৰিবলৈ ৰাজ্য সমূহ লৈ পত্ৰ প্ৰেৰণ কৰিছে।

You might also like