কোৱাৰেণ্টাইনত থকা স্বাস্থ্যকৰ্মীক বিহুৱানেৰে শ্ৰদ্ধা জনালে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই
নিয়মীয়া বাৰ্তা, ১৫ এপ্ৰিলঃ মঙলবাৰে নিশা তাজ ভিভাণ্টা হোটেলত উপস্থিত হয়গৈ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাসহ স্বাস্থ্য বিভাগৰ সকলো উচ্চ পৰ্যায়ৰ বিষয়া । হোটেলখনত উপস্থিত হৈয়ে QUARANTINE ত থকা চিকিৎসক-চিকিৎসা কৰ্মীসকলক একোখনকৈ বিহুৱানেৰে শ্ৰদ্ধা-মৰম জনালে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
উল্লেখ্য যে ক’ৰোনাত আক্ৰান্ত লোকক সেৱা আগবঢ়াই ৪৩ গৰাকীকৈ চিকিৎসক- নাৰ্ছে ১৪ দিনৰ বাবে তাজ হোটেলত কোৱাৰেণ্টাইনত আছে ।
ইপিনে স্বাস্থ্যকৰ্মীসকলক উপহাৰ দিয়াৰ পাছতে ড০ শৰ্মাই সংবাদ মাধ্যমেৰে হোৱা সাক্ষাৎকাৰত পুনৰবাৰ অসমৰ বিভিন্ন প্ৰান্তত কৰ্মৰত ক’ৰোনা যুদ্ধাসকলক অসমবাসী ৰাইজৰ হৈ ধন্যবাদ জ্ঞাপন কৰে ।
To express our gratitude to 43 doctors & nurses, I along with sr officers of Health Dept visited Taj Vivanta and offered them Bihuwan & Laru/Pitha on auspicious #BohagBihu. Our valued medical team is undergoing a mandatory quarantine after treating #COVID patients. #AssamCares pic.twitter.com/6fu0n4uWQD
— Himanta Biswa Sarma (@himantabiswa) April 14, 2020
/p>