জ’ বিডেনলৈ সমর্থন বাৰাক অ’বামাৰ
নিয়মীয়া বাৰ্তা, ১৬ এপ্রিলঃ আগন্তুক মার্কিন ৰাষ্ট্রপতি নির্বাচনৰ বাবে ডেম’ক্রেটিক দলৰ প্রার্থী হিচাপে প্রাক্তন উপ–ৰাষ্ট্রপতি জ’ বিডেনক সমর্থন কৰিছে বাৰাক অ’বামাই ৷ প্রাক্তন মার্কিন ৰাষ্ট্রপতি বাৰাক অ’বামাই মঙলবাৰে বিডেনৰ প্রতি সমর্থন জনাই ছ’চিয়েল মিডিয়াত মুকলি কৰি দিছে এক ভিডিঅ’ ৷ ক’ৰোনা ভাইৰাছ মহামাৰীক প্রতিৰোধ কৰিবলৈ হ’লে আমেৰিকাক জ’ বিডেনৰ দৰে নেতাৰ প্রয়োজন বুলিও বাৰাক অ’বামাই ঘোষণা কৰিছে ৷ উল্লেখনীয় যে ইতিমধ্যে বিডেনৰ প্রতিদ্বন্দ্বী ডেম’ক্রেটিকৰ প্রার্থিত্বপ্রত্যাশী বার্নি ছেণ্ডার্ছে প্রার্থিত্বৰ দৌৰৰ পৰা নাম প্রত্যাহাৰ কৰি বিডেনকে সমর্থন জনাইছে ৷