আজি পুনৰ ডিচাৰ্জ দিয়া হ’ল সুস্থ হৈ উঠা ক’ৰোনা আক্ৰান্ত দুজন ৰোগীক
নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ MMCHত স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। আজি পুনৰ মুকলি কৰি দিয়া হ’ল সুস্থ হৈ উঠা ক’ৰোনা আক্ৰান্ত দুজনকৈ ৰোগীক। ঘৰলৈ যাবলৈ অনুমতি লাভ কৰা লোক দুজন মহম্মদ আৰ্ছাদ আৰু মঃ ৰিজুৱান। কিন্তু লোকদুজন উত্তৰ প্ৰদেশৰ, বহিঃৰাজ্যৰ সৈতে সংযোগ বিচ্ছিন্ন হৈ থকাৰ বাবে বৰ্তমান অসমতে থাকিব লোককেইজন। MMCHৰ ওপৰ মহলাত থকাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। আনহাতে আজি শিলচৰৰ পৰাও এজন ৰোগীক ডিচাৰ্চ দিয়া হ’ব। MMCHত এই মন্তব্য ড০ হিমন্ত বিশ্ব শৰ্মাৰ। দুয়োৰে শেহতীয়া পৰীক্ষা নিগেটিভ ওলোৱাৰ পিছতেই ডিচাৰ্জ দিয়া হয় লোক দুজনক।