নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহামন্দাৰ আশংকাঃ ১.৯ শতাংশলৈ হ্ৰাস পাব দেশৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ

নিয়মীয়া বাৰ্তা, ১৮ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণে বিশ্বৰ অৰ্থনীতিক মহামন্দাৰ দিশে আগবঢ়াই নিছে । স্বাভাৱিকভাৱে ভাৰতীয় অৰ্থনীতিতো এই মহামন্দাৰ আশংকা বিৰাজ কৰিছে৷ এনে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ৰিজার্ভ বেংক অৱ ইণ্ডিয়াই ঘোষণা কৰিছে কেইবাটাও বিশেষ পদক্ষেপ৷ যিহেতু ক’ৰোনা মহামাৰীৰ প্রকোপ হ্রাস কৰিবৰ বাবে প্রায় সমগ্র বিশ্বই লকডাউনকে ধৰি বিভিন্ন বাধা নিষেধ আৰোপ কৰিব লগা হৈছে৷ ইয়াৰ ফলত অত্যধিক প্রভাৱ পৰিছে শিল্প উদ্যোগ আৰু উৎপাদনৰ ক্ষেত্রখনত৷ আৰ বি আইৰ গৱর্নৰ শক্তিকান্ত দাসে এই পৰিস্থিতি অত্যন্ত গম্ভীৰ বুলি মন্তব্য কৰে৷ ইতিমধ্যে আন্তঃৰাষ্ট্রীয় মুদ্রা নিধিয়ে এই বিপর্যয় ১৯২৯ চনৰ পৰিস্থিতিতকৈও মহাবিপর্যয় বুলি মন্তব্য কৰিছে৷ বর্তমান বিশ্বজুৰি প্রায় ৯ৰ পৰা ৩২ শতাংশ উপভোক্তা কমি গৈছে৷ এনে পৰিস্থিতিত ২০১৯–২০ বর্ষত ভাৰতৰ অর্থনৈতিক উন্নয়নৰ হাৰ ১.৯ শতাংশলৈ হ্রাস পাব বুলি আশংকা কৰা হৈছে৷ অৱশ্যে ২০২১ চনত ভাৰতীয় অর্থনীতিৰ জি ডি পি বৃদ্ধিৰ হাৰ ৭.৪ শতাংশ হ’বগৈ বুলি অনুমান কৰা হৈছে৷ গৱর্নৰ শক্তিকান্ত দাসে জানিবলৈ দিয়ে যে ২০২০–২১ বর্ষত বিশ্বৰ অর্থনীতিত প্রায় ৯ ট্রিলিয়ন মার্কিন ডলাৰৰ ক্ষতি হ’ব৷ এই বিপুল ধনৰাশি জাপান আৰু জার্মানীৰ জি ডি পিতকৈও অধিক ৷

You might also like