নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত অসাধু ব্যৱসায়ীৰ লুণ্ঠনৰ জাল

নিয়মীয়া বার্তা, ১৯ এপ্রিলঃ মহানগৰীৰ পশ্চিম প্রান্তৰ তথা আজাৰা ৰাজহ চক্রৰ অন্তর্গত বিভিন্ন অঞ্চলত দোকানত নিত্য ব্যৱহৃত সামগ্রী আৰু পাচলিৰ ঊর্ধ্বমুখী দামে সাধাৰণ নাগৰিকসকলৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে ৷ বজাৰত পাচলি আৰু অত্যাৱশ্যকীয় সামগ্রীৰ কৃত্রিম নাটনি দেখুৱাই অসাধু ব্যৱসায়ীয়ে মূল্যবৃদ্ধি কৰাৰ পৰিলক্ষিত হৈছে ৷ প্রাপ্ত অভিযোগ অনুসৰি ধাৰাপুৰ চাৰিআলি, গধূলি বজাৰ, ভিআইপি, কাঁহিকুছি আদিত থকা একাংশ গেলামাল দোকান, ছেলফ ছার্ভিচ দোকানে লকডাউনৰ অচিলা লৈ নিজ খুচিমতে সামগ্রীৰ দাম বৃদ্ধি কৰিছে ৷ ধাৰাপুৰ চাৰিআলিত লকডাউনৰ আগলৈকে ৪২ টকাত বিক্রী কৰি থকা আইজং চাউলৰ দাম বর্তমান কেজিপতি ৬৫ টকালৈকে বৃদ্ধি পাইছে ৷ সামগ্রীৰ পেকেটত নিজ খুচিমতে দামৰ ষ্টিকাৰ লগাই এইসকল বেপাৰীয়ে গ্রাহকৰ মূৰত ৰামটাঙোন শোধাই থকাৰ পিছতো নির্বিকাৰ হৈ আছে প্রশাসন৷ তদুপৰি প্রতিবিধ সামগ্রীৰে লকডাউনৰ পিছত ১৫ৰ পৰা ২৫ টকালৈকে দাম বৃদ্ধি কৰি এইসকল অসাধু ব্যৱসায়ীয়ে মুনাফা অর্জন কৰিছে৷ তদুপৰি পাচলি বেপাৰীসকলেও নিজৰ খুচিমতে পাচলিৰ দাম নির্ধাৰণ কৰাৰ লগতে কণী, নেমুটেঙা আৰু তামোল গোটেপতি দহ টকাকৈ বিক্রী কৰি আছে৷ আজাৰাত একাংশ মাছমৰীয়াই দীপৰ বিলত মাছ মাৰি নিজ গৃহতে মাছ বিক্রী কৰি থকাৰ লগতে অন্য বহু লোকেও ফিছাৰীৰ মাছ নিজ গৃহতে মজুত কৰি ঘৰতে মাছৰ বজাৰ বহুৱাইছে৷ আনহাতে বহু যুৱকে দক্ষিণ কামৰূপৰ বিভিন্ন ফার্মৰ পৰা কম মূল্যতে ব্রইলাৰ ক্রয় কৰি নিজ নিজ গৃহত মাংসৰ বজাৰ বহুৱাই অতি চ’ৰাদামত বিক্রী কৰি আছে৷ আনহাতে প্রশাসনৰ অনুমতি নোহোৱাকৈ নিজ গৃহতে বা পথৰ দাঁতিতে চলাই থকা মাছ, মাংস আৰু পাচলি ক্রয় কৰিব অহা লোকসকলে উলংঘন কৰি আছে সামাজিক দূৰত্ব বজাই ৰখাৰ নির্দেশনা৷ মন কৰিবলগীয়া যে আজাৰা ৰাজহ চক্র এলেকাৰ প্রায় ১৯জন লোকক ইতিমধ্যে শিঙিমাৰী আৰু মইনাখোৰোং আদর্শ চিকিৎসালয়ত কোৱাৰেণ্টাইনৰ বাবে ৰখা হৈছে৷ যাৰ বাবে উক্ত এলেকাটো এক স্পর্শকাতৰ অঞ্চল হিচাপে বিবেচিত হৈ আছে৷ যাৰ বাবে লকডাউন উলংঘা কৰি তথা অনুমতিবিহীনভাৱে চলাই থকা দোকান–পোহাৰ আৰু নিজ খেয়ালখুচিমতে সামগ্রীৰ দাম বৃদ্ধি কৰা ব্যৱসায়ীসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ কামৰূপ মহানগৰ জিলা প্রশাসন আৰু যোগান বিভাগক দাবী জনাইছে সাধাৰণ নাগৰিকসকলে ৷

You might also like