নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্রত গণপ্রহাৰত নিহত দুই সাধুসহ ৩ ব্যক্তিঃ দেশজুৰি তীব্র প্রতিক্রিয়া

নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ লকডাউনৰ মাজতে মহাৰাষ্ট্রৰ পালঘৰ জিলাত আৰক্ষীৰ সন্মুখতে দুই সাধুসহ তিনিজন লোকক নির্মম গণপ্রহাৰেৰে হত্যা কৰা ঘটনাই দেশজুৰি চাঞ্চল্য সৃষ্টি কৰিছে ৷ ৰাজ্যখনৰ পালঘৰ জিলাৰ জনজাতি বসতি অঞ্চলৰ গড়চিনচলে গাঁৱত একাংশ লোকে দুই সাধুসহ তিনিজন লোকক নির্মমভাৱে প্রহাৰ কৰি হত্যা কৰা ঘটনাৰ সৈতে জড়িত ১০১জন লোকক ইতিমধ্যে পালঘৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে ৷ তদুপৰি ৯ শিশুক আটক কৰিছে ৷ আৰক্ষীৰ সন্মুখতে গাড়ীৰ পৰা নমাই আনি দুই সাধুসহ চালকজনক একাংশ গাঁওবাসীয়ে নির্মমভাৱে প্রহাৰ কৰে ৷ এই সময়ত নীৰৱ ভূমিকা লোৱা দুজন আৰক্ষী বিষয়াক নিলম্বিত কৰা হৈছে ৷ ঘটনা সন্দর্ভত দোষী ব্যক্তিক কঠোৰতম শাস্তি বিহাৰ নিশ্চিতি প্রদান কৰিছে ৰাজ্যখনৰ মুখ্যমন্ত্রী উদ্ধৱ থাকৰেই ৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে সোমবাৰে মুখ্যমন্ত্রী উদ্ধৱ থাকৰেৰ সৈতে ঘটনা সন্দর্ভত সঠিক তদন্ত কৰি ইয়াৰ দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনায় ৷ আনপিনে, উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথেও শিৱসেনাৰ মুৰব্বী তথা মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী থাকৰেক ঘটনাত জড়িত ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ আহ্বান জনাইছে ৷

দেশজুৰি চাঞ্চল্য সৃষ্টি কৰা পালঘৰ গণপ্রহাৰ ঘটনাত প্রাণ হেৰুওৱা দুই সাধুক চিকনে মহাৰাজ কল্পব্রুক্ষগিৰি (৭০) আৰু সুশীলগিৰি মহাৰাজ (৩৫) বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে ৷ গাড়ীখনৰ চালকগৰাকীক নিলেজ তেলগাৰে (৩০) বুলি চিনাক্ত কৰা হৈছে ৷ ঘটনাৰ বিৱৰণী মতে, যোৱা বৃহস্পতিবাৰে পালঘৰ জিলাৰ গড়চিনচলে গাঁৱৰ একাংশ লোকে শিশু অপহৰণকাৰী তথা অংগ সৰবৰাহকাৰী হিচাপে সন্দেহ প্রকাশ কৰি গাড়ীখনত থকা দুই সাধুসহ চালকজনক নির্দয়ভাৱে প্রহাৰ কৰে ৷ চুৰাটৰ এক অন্ত্যেষ্টিক্রিয়াত অংশ ল’বলৈ গৈ থাকোঁতেই তেওঁলোকৰ গাড়ীখন একাংশ গাঁওবাসীয়ে আগচি ধৰে আৰু শিল–লাঠী আৰু চোকা অস্ত্রৰে আক্রমণ কৰে ৷ নিশা ৯.৩০–১০ বজাত সংঘটিত এই গণপ্রহাৰৰ ঘটনাটো ইমানেই নির্মম আছিল যে লোকসকলে প্রহাৰ কৰি থকা সময়ত তিনিওজন ব্যক্তিয়ে জীৱন ৰক্ষাৰ বাবে আর্তনাদৰ চিঞৰে গাৰ নোম শিয়াৰি উঠায় ৷ দুই সাধুসহ তিনিজনক গণপ্রহাৰৰ ঘটনাটো সাম্প্রদায়িক দৃষ্টিভংগীৰে নল’বলৈ মুখ্যমন্ত্রীৰে থাক্ৰেই আহ্বান জনাইছে৷ এই ঘটনাটো দুর্ভাগ্যজনক বুলি আখ্যা দি দোষী ব্যক্তিক শাস্তি বিহা হ’ব বুলি নিশ্চিত কৰি তোলে মুখ্যমন্ত্রীগৰাকীয়ে৷ ঘটনা সন্দর্ভত মুখ্যমন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, এখন গাড়ীৰে সাধু দুজনে গুজৰাটৰ চুৰাটলৈ যাত্রা কৰি গৈ থাকোঁতে আৰক্ষীয়ে দাদৰা আৰু নাগৰ হাভেলীত বাধা প্রদান কৰে৷ তেওঁলোকক লকডাউন মানি উভতি যাবলৈ আৰক্ষীয়ে নির্দেশ দিয়াৰ পাছত ব্যক্তিকেইজনে গাড়ীৰে গুজৰাটৰ সীমা অতিক্রম কৰিবলৈ চুটি পথ হিচাপে গাঁওখনেৰে আগবাঢ়ি গৈ থাকোঁতে ঘটনাটো সংঘটিত হয়৷ উল্লিখিত গাঁওখনত শিশু অপহৰণকাৰী তথা অংগ সৰবৰাহকাৰীয়ে আতংকিত পৰিৱেশ ইতিমধ্যে সৃষ্টি কৰি ৰখাৰ ফলতেই দুর্ভাগ্যজনকভাৱে ঘটনাটো সংঘটিত হয়৷ এই ঘটনাটোক লৈ ৰাজনীতি নকৰিবলৈও আহ্বান জনায় মুখ্যমন্ত্রীগৰাকীয়ে ৷

You might also like