ৰাজ্যৰ প্রথম মহিলা ৰাজহ চিৰস্তাদাৰ বিলাসীপাৰাৰ মদিনা খাতুনৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ ছ’চিয়েল মিডিয়াত সদায় সক্রিয় ‘আইতা’ হিচাপে পৰিচিত অসমৰ প্রথমগৰাকী মহিলা ৰেভিনিউ চিৰস্তাদাৰ মদিনা খাতুনৰ সোমবাৰে আবেলি প্রায় ৩.৩০ বজাত পৰলোকপ্রাপ্তি ঘটে ৷ বিলাসীপাৰা চহৰৰ ৭নং ৱার্ডৰ কুকুৰীপাৰৰ নিজ বাসভৱনত ৭৩ বছৰ বয়সত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ দীর্ঘদিন ধৰি ৰোগত আক্রান্ত হৈও প্রবল মানসিক বলেৰে জীৱনৰ সৈতে যুঁজ দি আজি নিয়তিৰ ওচৰত হাৰ মানে ৷ প্রয়াত আব্দুল ৰেজ্জাক সৰকাৰ, মৰিচমতি সৰকাৰৰ কন্যা তথা আনোৱাৰ হুছেইনৰ পত্নী মদিনা খাতুনৰ মৃত্যুত অঞ্চলজুৰি শোকৰ ছাঁ পৰাৰ লগতে ছ’চিয়েল মিডিয়াতো বিভিন্নজনে গভীৰ শোক প্রকাশ কৰিছে ৷
উল্লেখ্য যে ফ্রান্স, ফিলিপাইন, উত্তৰ কোৰিয়া আদি বিভিন্ন দেশৰ লগতে দেশৰ বিভিন্ন প্রান্তৰ ফেচবুক বন্ধুৰ লগত সদায় যোগাযোগ ৰাখিছিল মদিনা খাতুনে ৷ মদিনা খাতুনে ৰাজ্যৰ প্রথমগৰাকী মহিলা ৰেভিনিউ চিৰস্তাদাৰ হিচাপে কার্যনির্বাহ কৰি ২০০৬ চনত অৱসৰ গ্রহণ কৰিছিল ৷ ১৯৬৮ চনতে স্নাতক ডিগ্রী লাভ কৰা খাতুন আছিল দেশ–বিদেশৰ বিভিন্ন কাকত–আলোচনীৰ নিয়মীয়া পাঠক ৷ ২০১৪ চনৰ পৰা যোৱা ৯ এপ্রিললৈকে তেওঁ ছ’চিয়েল মিডিয়াত সক্রিয় হৈ আছিল ৷ ৯ আগষ্টত তেওঁ ষ্টেটাছ দিছিল ‘ফ্রেইণ্ডছ, গুড বাই টু অল’ ৷ কু–সংস্কাৰবিহীন এখন নাৰী সমাজৰ বাবে সংগ্রাম কৰি অহা মদিনা খাতুনৰ মৃত্যুত বিভিন্ন দল–সংগঠনে গভীৰ শোক প্রকাশ কৰিছে ৷ বিলাসীপাৰা মহকুমা ৰাজহুৱা গ্রন্থাগাৰ পৰিচালনা সমিতি, ময়নামতী শিল্পী সমাজ, হাকামা শাখা সাহিত্য সভা, ড০ বি আৰ আম্বেদকাৰ ভৱন পৰিচালনা সমিতি, ফেচবুকৰ বিভিন্ন গ্রুপ, জোনাকী এছ’চিয়েচনকে ধৰি বিভিন্ন দল–সংগঠনৰ নেতৃবর্গই গভীৰ শোক প্রকাশ কৰি শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰে ৷ স্বামী, দুই পুত্র, বোৱাৰী, নাতিসহ আত্মীয়–স্বজনক এৰি যোৱা খাতুনৰ জানাজা আজি নিশা স্থানীয় কবৰস্থানত সম্পন্ন কৰা হয় ৷