সাংবাদিক–সংবাদকৰ্মীলৈ সাহায্য সামগ্রী গুৱাহাটী প্রেছ ক্লাবৰ
নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ ন’ভেল ক’ৰোনা ভাইৰাছ ৰোধৰ বাবে দেশত চলিছে দীঘলীয়া লকডাউন ৷ লকডাউনৰ সময়ছোৱাত আর্তজনৰ কাষত বহু হূদয়ৱান লোক থিয় হৈছে ৷ চৌদিশে স্থবিৰ হৈ পৰা এই সময়ত অহর্নিশে নিজ কর্তব্যত নিয়োজিত সাংবাদিক তথা সংবাদকর্মীৰ পৰিয়াল অন্য লোকৰ দৰে অসুবিধাৰ সন্মুখীন হৈছে৷ বিশেষকৈ অত্যাৱশ্যকীয় খাদ্য সামগ্রী সংগ্রহৰ ক্ষেত্রতো এই সময়ছোৱাত সাংবাদিক তথা সংবাদকর্মীসকল বিপর্যয়ৰ সন্মুখীন হৈছে ৷ সাংবাদিক–সংবাদকৰ্মীক সকাহ দিয়াৰ বাবে গুৱাহাটী প্রেছ ক্লাবে উদ্যোগ গ্রহণ কৰিছে ৷ গুৱাহাটী প্রেছ ক্লাবৰ এই উদ্যোগত সহায়ৰ হাত আগবঢ়াই কর্মৰত সাংবাদিক–সংবাদকৰ্মীৰ বাবে প্রতিষ্ঠিত ব্যৱসায়ী বিমল নাহাতাই অত্যাৱশ্যকীয় সামগ্রীৰ টোপোলা আগবঢ়াইছে ৷ মঙলবাৰৰ পৰা গুৱাহাটী প্রেছ ক্লাবত সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে লকডাউনৰ নীতি উলংঘা নকৰাকৈ সাংবাদিক–সংবাদকৰ্মীয়ে এই সামগ্রী সংগ্রহ কৰিবলৈ গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে আহ্বান জনাইছে ৷ তদুপৰি এই সময়ছোৱাত সাংবাদিকসকলক সহায় কৰিবলৈ আগবাঢ়ি অহাৰ বাবে ব্যৱসায়ী নাহাতাক গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি–সম্পাদক ক্রমে মনোজ কুমাৰ নাথ আৰু সঞ্জয় ৰায়ে ধন্যবাদ জ্ঞাপন কৰিছে ৷ উল্লেখ্য যে সাংবাদিক আৰু সংবাদকর্মীসকলে গ্রহণ কৰা সাহায্য কার্যসূচীৰ ফটোগ্রাফ অথবা ভিডিঅ’ ফুটেজ প্রচাৰৰ পৰা বিৰত থাকিবলৈ প্রেছ ক্লাবৰ সভাপতিগৰাকীয়ে সতীর্থ সাংবাদিকসকলক বিনম্র অনুৰোধ জনাইছে ৷