৫ হাজাৰ লোকক খাদ্য আগবঢ়াইছে তেণ্ডুলকাৰে
নিয়মীয়া বাৰ্তা, ২১ এপ্রিলঃ ক’ৰোনা ভাইৰাছৰ প্রাদুর্ভাৱৰ বাবে ক্ষতিগ্রস্ত হোৱা লোকসকলক পার্যমানে সহায়–সহযোগিতা আগবঢ়াইছে ভাৰতীয় ক্রিকেটৰ অধিকাংশ তাৰকাই ৷ ক্রিকেটৰ ভগৱানখ্যাত শচীন তেণ্ডুলকাৰে ইতিমধ্যে প্রধানমন্ত্রীৰ কেয়ার্ছ ফাণ্ডলৈ ৫০ লাখৰ আর্থিক অনুদান আগবঢ়াইছে ৷ ইয়াৰ লগতে প্রাক্তন ক্রিকেটাৰগৰাকীয়ে এমাহৰ বাবে ৫ হাজাৰ দৰিদ্র ব্যক্তিক খাদ্য সামগ্রী যোগান ধৰিছে ৷ মুম্বাইৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ জৰিয়তে তেণ্ডুলকাৰে চলিত এপ্রিল মাহটোত এই ৫ হাজাৰ দৰিদ্র ব্যক্তিৰ খাদ্যৰ ব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে৷ ইফালে, লকডাউনৰ বাবে মুম্বাইৰ বিলাসী ফ্লেটত গৃহবন্দী হৈ থকা কিংবদন্তি ক্রিকেটাৰগৰাকীয়ে আজি নিজে চুলি কাটি থকাৰ এটা ভিডি’ টুইটাৰত প্রকাশ কৰিছে৷ তেওঁ কয় যে ক্রিকেটৰ পথাৰত স্কোৱেৰ কাট খেলাৰ পৰা আৰম্ভ কৰি নিজৰ চুলি কটালৈ সকলো পৃথক কামৰ মই আনন্দ অনুভৱ কৰোঁ৷ উল্লেখ্য যে লকডাউনৰ সময়ছোৱাত দেশবাসীক চৰকাৰী বান্ধি দিয়া সকলো নীতি–নিয়ম পালন কৰিবলৈ তেণ্ডুলকাৰে ছ’চিয়েল মিডিয়াত নিয়মীয়াকৈ আহ্বান জনাই আহিছে ৷