যোৱা ২৪ ঘণ্টাত দেশত ক’ৰোনাত ১৩৩৬ জন লোক সংক্ৰমিতঃ স্বাস্থ্য মন্ত্ৰালয়
নিয়মীয়া বাৰ্তা ২১ এপ্ৰিলঃ স্বাস্থ্য মন্ত্ৰালয়ৰ যুটিয়া সচিব লব আগৰাৱালাই মঙলবাৰে সংবাদ মাধ্যমক জনায় যে দেশত এতিয়ালৈকে ৩২৫২ জন ক’ৰোনা আক্ৰান্ত লোক সম্পূৰ্ণ সুস্থ হৈ উঠিছে। যোৱা এটা দিনত ৭০৫ জন লোক সুস্থ হৈছে। এতিয়া সুস্থ হোৱা হাৰ ১৭.৪৮ লৈকে বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত ১৩৩৬ জন নতুন কৈ ক’ৰোনাত সংক্ৰমিত হৈছে, যাৰ পৰিপেক্ষিতত ক’ৰোনাত সংক্ৰমিত হোৱা লোকৰ সংখ্যা ১৮৬০১ হৈছে। আনহাতে যোৱা ২৪ ঘণ্টাত ৪৭ জন লোকৰ মৃত্যু ঘটিছে। এতিয়ালৈকে মুঠ মৃতকৰ সংখ্যা ৫৯০ জন হৈছেগৈ।
আনহাতে কেন্দ্ৰ চৰকাৰে জানিবলৈ দিছে যে ক’ৰোনা ভাইৰছৰ কাৰণে ২০১ খন হাস্পাতল ৰ বিষয়ে অনলাইনত জানিব পাৰিব। চিকিৎসক তথা নাৰ্ছৰ তথ্য অনলাইনত উপলব্ধ থাকিব। ক’ৰোনাৰ যুদ্ধত ১.২৪ কোটি লোক জড়িত হৈ আছে। ক’ৰোনাৰ যুদ্ধৰ বাবে দুটা ৱেবচাইট মুকলি কৰিছে চৰকাৰে । সেইকেইটা হৈছে igot.gov.in আৰু covidwarriors.gov.in য’ত ক’ৰোনা সম্বন্ধে সকলো তথ্য লাভ কৰিব।