নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৃহস্পতিবাৰৰ পৰা গ্ৰেট ব্ৰিটেইনত আৰম্ভ হ’ব ক’ৰোনা ভেকচিনৰ মানৱ পৰীক্ষণ

নিয়মীয়া বাৰ্তা ২২ এপ্ৰিলঃ ক’ৰোনা আতংকৰ মাজতে আহিছে এটা ভাল খবৰ। ব্ৰিটেইনত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব ক’ৰোনা  ভেকচিনৰ মানৱ পৰীক্ষণ। অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে উন্নীত কৰা ভেকচিনৰ যোগেদি ক’ৰোনা ভাইৰাছ প্ৰতিৰোধ কৰিব পৰা যাব বুলি আশা কৰা হৈছে। সমগ্ৰ বিশ্বতে লকডাউন চলি থকা সময়ত অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ এই পদক্ষেপক এক আশাৰ বাৰ্তা হিচাপে বিবেচিত হৈছে। আনহাতে ছেপ্টেম্বৰৰ ভিতৰত লক্ষাধিক লোক এই ভেকচিন পাব বুলি ব্ৰিটেইনৰ স্বাস্থ্য মন্ত্ৰী মেট হেংককে সদৰি কৰিছে।

You might also like