কামৰূপ চেম্বাৰ অৱ কমার্চৰ আৰোগ্য নিধিলৈ ৩১.০৭ লাখ টকাৰ বৰঙণি
নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ কামৰূপ চেম্বাৰ অৱ কমার্চে মহামাৰী ক’ভিড–১৯ প্রতিৰোধৰ াবে অসম আৰোগ্য নিধিলৈ ৩১,০৭,০০০ টকাৰ আর্থিক বৰঙণি প্রদান কৰে৷ কামৰূপ চেম্বাৰ অৱ কমার্চৰ সভাপতি মহাবীৰ জৈন আৰু যুটীয়া সচিব দীপক বাজোৰীয়াই যোৱা ২১ এপ্রিলত চেম্বাৰৰ তৰফৰ পৰা ৰাজ্য চৰকাৰৰ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ হাতত উক্ত ধনৰাশিৰ ধনাদেশ প্রদান কৰে৷
কামৰূপ চেম্বাৰ অৱ কমার্চৰ সকলো সদস্যই অসমত ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰ্বিৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্রী মাননীয় স্বানন্দ সোণোৱাল আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্রী মাননীয় ড০ হিমন্ত বিশ্ব শর্মাই গ্রহণ কৰা পদক্ষেপক আদৰণি জনায় আৰু তেওঁলোকৰ তৎপৰতাক প্রশংসা কৰে৷