অসমত ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৩৫ লৈ বৃদ্ধি
নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ এসপ্তাহৰ অন্তত পুনৰ অসমত নতুনকৈ ক’ৰোনাত আক্ৰান্ত হ’ল এজন লোক । ধুবুৰী জিলাৰ বিলাসীপাৰাৰ এগৰাকী ব্যক্তি কোভিড-১৯ ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ এই ব্যক্তিগৰাকী গুৱাহাটীৰ আঠগাঁৱৰ কৱৰস্থান মছজিদৰ সমাৱেশত অংশ লৈ ইতিমধ্যে কোভিড-১৯ ত আক্ৰান্ত হোৱা এগৰাকী ব্যক্তিৰ সংস্পৰ্শলৈ আহিছিল ৷ যাৰ পাছতেই অসমত এনে ৰোগীৰ সংখ্যা ৩৫ জনলৈ বৃদ্ধি পালে ৷
Alert ~ A man from Bilasipara, Dhubri has tested #COVID positive. He has a history of being in touch with another patient, who was part of Athgaon Majid congregation in Guwahati.
The number of patients is now 35.
Update at 11:20 am / April 23#AssamCovidCount
— Himanta Biswa Sarma (@himantabiswa) April 23, 2020