কোৱাৰেণ্টাইন সম্পূর্ণ কৰা ৮ গৰাকী চিকিৎসক–নার্ছক স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সম্ভাষণ
নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ ক’ভিড–১৯ চিকিৎসাত জড়িত ৮গৰাকী চিকিৎসক আৰু নার্ছক কোৱাৰেণ্টাইনৰ পৰা বুধবাৰে যাবলৈ দিয়া হয়৷ মহানগৰীৰ তাজ ভিভাণ্টা হোটেলত ১৪ দিনৰ কোৱাৰেণ্টাইন সম্পূর্ণ কৰা চিকিৎসক আৰু নার্ছকেইগৰাকীক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনায় স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই৷
উল্লেখ্য যে ক’ৰোনা ভাইৰাছত আক্রান্তৰ চিকিৎসাত থকা চিকিৎসকসকলে ৭ দিনৰ মূৰে মূৰে ১৪ দিনৰ বাবে কোৱাৰেণ্টাইনত থকাটো বাধ্যতামূলক৷ সেইমর্মে মহেন্দ্রমোহন চৌধুৰী হাস্পতালৰ ৮গৰাকীকৈ চিকিৎসক–নার্ছক তাজ ভিভাণ্টা হোটেলত কোৱাৰেণ্টাইন কৰা হৈছিল৷ আজি এই চিকিৎসকসকলক স্বাস্থ্যমন্ত্রী ড০ শর্মা আৰু পীয়ূষ হাজৰিকাই একোখনকৈ ফুলাম গামোচাৰে বিদায় সম্ভাষণ জনায়৷ এই সন্দর্ভত মন্ত্রী ড০ শর্মাই কয়– সাত দিন চিকিৎসা সেৱা আগবঢ়োৱাৰ পাছত চিকিৎসকসকলক ১৪ দিনৰ কোৱাৰেণ্টাইনত ৰখা হৈছিল৷ সেই সময়ছোৱাত তেওঁলোকক পৰীক্ষা কৰাত নিগেটিভ ওলাইছে৷ সেয়েহে এই যুদ্ধখনত আগবঢ়োৱা সহযোগিতাৰ বাবে ৰাজ্যবাসীৰ হৈ তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ৷
উল্লেখ্য যে হোটেল তাজ ভিভাণ্টাত এতিয়াও ৭০জনকৈ চিকিৎসক আৰু নার্ছ কোৱাৰেণ্টাইনত আছে৷ স্বাস্থ্যমন্ত্রীগৰাকী আজি মহানগৰীৰ কণ্টুৰ হোটেলত ১৪ দিনৰ কোৱাৰেণ্টাইন সম্পূর্ণ কৰা চাৰিগৰাকীকৈ চাফাই কর্মীকো আনুষ্ঠানিক বিদায় সম্ভাষণ জনায়৷
A moment of relief as our #CoronaWarriors – 4 doctors, 4 nurses (Taj Vivanta); 4 ward boys, 4 cleaning staff (Hotel Contour), are discharged today after 14 days of quarantine.
Kudos to cleaning & support staff who put extraordinary efforts at hospitals.
Best wishes to all. pic.twitter.com/QRb58crXCq
— Himanta Biswa Sarma (@himantabiswa) April 22, 2020