চন্দ্রপুৰ–নাৰেংগী পথত থার্মেল স্ক্রীনিঙৰ ব্যৱস্থা স্বাস্থ্য বিভাগৰ
নিয়মীয়া বার্তা, ২৩ এপ্রিলঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ ক্ষেত্রত ৰে’ড জ’ন হিচাপে ঘোষণা কৰা মৰিগাঁও জিলা আৰু কামৰূপ মহানগৰ জিলাৰ সংযোগ পথত কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰিছে আৰক্ষী প্রশাসনে৷ ইয়াৰ সমান্তৰালকৈ আনকি মৰিগাঁও জিলাৰ পৰা মহানগৰ জিলাৰ ভিতৰত প্রৱেশ কৰা সকলো লোককে আজিৰে পৰা থার্মেল স্ক্রীনিং কৰাৰো ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে৷ উল্লেখ্য যে মাৰিগাঁও জিলাৰ পৰা গুৱাহাটী মহানগৰীত প্রৱেশ কৰাৰ এটা অন্যতম ব্যস্ত পথ হ’ল মায়ং চন্দ্রপুৰ নাৰেংগী পথ৷ প্রাগজ্যোতিষপুৰ থানাৰ ভাৰপ্রাপ্ত বিষয়া ভাস্কৰ কলিতাই জানিবলৈ দিয়া মতে সীমামূৰীয়া সেই স্থানত একমাত্র অত্যাৱশ্যকীয় সেৱাৰ বাহিৰে আন সকলো বাহনৰ চলাচল কৰাত বাধা আৰোপ কৰা হৈছে৷ কেৱল অত্যাৱশ্যকীয় সেৱাৰ প্রশাসনীয় অনুমতি পত্র থকা বাহনৰ লগতে তেনে লোকক দুয়োখন জিলাৰ মাজত অহা–যোৱা কৰিবলৈ দিয়া হৈছে৷ অর্থাৎ গেলামাল, পানী, গাখীৰ বেংক সেৱা, চিকিৎসা বিভাগৰ লগত জড়িত থকাৰ বাহিৰে আন কোনো বাহনৰ চলাচল সম্পূর্ণ বন্ধ কৰা বুলিও জানিবলৈ দিছে আৰক্ষী বিষয়াগৰাকীয়ে৷ আৰক্ষী বিষয়াগৰাকীয়ে প্রকাশ কৰা মতে ইয়াৰ উপৰি আজিৰে পৰা মৰিগাঁও জিলাৰ পৰা অহা অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত সকলো বাহনৰ চালক আৰু আৰোহীক থার্মেল স্ক্রীনিং কৰাৰ ব্যৱস্থা কৰা হৈছে৷