লংকেশ্বৰত নিশা ভয়াৱহ অগ্নিকাণ্ড
নিয়মীয়া বার্তা, ২৩ এপ্রিলঃ জালুকবাৰী আৰক্ষী চকীৰ অন্তর্গত লংকেশ্বৰস্থিত নিহাৰিকা মার্কেটত কালি নিশা সংঘটিত হয় এক ভয়াৱহ অগ্ণিকাণ্ড৷ আৰক্ষী সূত্রে জানিব পৰামতে নিশা প্রায় ১১.৪৫ বজাত নিহাৰিকা মার্কেট সংলগ্ণ হৈ থকা অট্টালিকাটোৰ ওপৰ মহলাত থকা ফার্নিচাৰৰ শ্ব’ৰুমত অগ্ণিকাণ্ডৰ সূত্রপাত হয়৷ জুইৰ লেলিহান শিখাই শ্ব’ৰুমটোৰ সকলো সা–সামগ্রী নিমিষতে ভস্মীভূত কৰি পেলায়৷ ঘটনাৰ খবৰ পাই জালুকবাৰী আৰক্ষী আৰু পাণ্ডু অগ্ণি নির্বাপক সংগঠনৰ চাৰিখন বাহন উপস্থিত হৈ প্রায় এঘণ্টা সময়ৰ পিছত জুই নির্বাপন কৰিবলৈ সক্ষম হয়৷ নিহাৰিকা মার্কেটৰ গৰাকী বিমল দাসে জানিবলৈ দিয়া মতে অগ্ণিকাণ্ডৰ ফলত ফার্নিচাৰ, কাঠ, কাপোৰ, ফ’মকে ধৰি প্রায় পঁয়ত্রিশ লাখ টকাৰ সা–সামগ্রী ভস্মীভূত হয়৷ ইপিনে, শ্বর্ট চার্কিটৰ বাবেই অগ্ণিকাণ্ডৰ সূত্রপাত হোৱা বুলি আৰক্ষীয়ে তদন্তত প্রকাশ কৰিছে৷