মাস্ক পৰিধান নকৰাকৈ মহানগৰীত টহল একাংশৰঃ অর্ধশতাধিকৰ বিৰুদ্ধে গোচৰ ৰুজু
নিয়মীয়া বার্তা, ২৩ এপ্রিলঃ মহামাৰীৰ ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধ কৰাৰ বাবে দেশত লকডাউন জাৰি কৰি চৰকাৰ প্রশাসনে মাৰাত্মক ভাইৰাছৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে৷ লকডাউনৰ সময়ছোৱাত অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ নির্দেশ অনুসৰি কামৰূপ মহানগৰ জিলা–আৰক্ষী প্রশাসনে কেতবোৰ নীতি–নির্দেশনা জাৰি কৰি মহানগৰবাসীৰ সহযোগিতা কামনা কৰিছে৷
নিজৰ লগতে মহানগৰবাসীৰ জীৱন যুঁজত জয়ী হোৱাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অধিকাংশ নাগৰিকেই লকডাউনৰ যাৱতীয় নির্দেশনা মানি চলি ঘৰৰ ভিতৰতে দিন পাৰ কৰিছে৷ একে সময়তে আন একাংশ অসাধু লোকে লকডাউন উলংঘা কৰি মুকলিকৈ ৰাজপথত ঘূৰি ফুৰাৰ লগতে নির্দিষ্ট দূৰত্ব বজাই নৰখাৰ সমান্তৰালকৈ কামৰূপ জিলা প্রশাসনে পৰিধান কৰিবলৈ আহ্বান জনোৱাৰ পিছতো মাস্ক পৰিধান কৰা পৰিলক্ষিত হোৱা নাই৷ আজি মহানগৰীৰ বিভিন্ন থানাত অর্ধশতাধিক লোকক মাস্ক পৰিধান নকৰাৰ অভিযোগত আটক কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে সংশ্লিষ্ট আৰক্ষী থানাই গোচৰ ৰুজু কৰে৷
প্রাপ্ত তথ্য মতে পল্টনবজাৰ থানাত আৰক্ষীয়ে মাস্ক নিপিন্ধা ১১জন, পাণবজাৰ থানাত ৪ জন, ভৰলুমুখত ১৩ জন, নুনমাটিত ১৬ জন আৰু সাতগাঁও থানাত কেইবাগৰাকীও লোকক আটক কৰা হৈছে৷ একেদৰে দিছপুৰ, বশিষ্ঠ, গড়চুক, জালুকবাৰী, চানমাৰি থানাৰ লগতে মহানগৰীৰ আৰক্ষী চকীসমূহতো বহু লোকক মাস্ক পৰিধান নকৰাৰ অভিযোগত আটক কৰা হৈছে৷