নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ গুজৰাটৰ পৰা উত্তৰ প্রদেশৰ পাটনা হৈ অহা নগাঁৱৰ গধৰীয়া কৰৈয়নীৰ যাদৱ গগৈ নামৰ ব্যক্তিজন আজিও নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত কোৱাৰেণ্টাইন হৈ আছে ৷ গুজৰাটত কর্মৰত এই লোকজন ২৭ মার্চত নিজৰ ঘৰলৈ বুলি যাত্রা কৰিছিল ৷ কিছু পথ গাড়ীৰে আৰু আন কিছু পথ খোজকাঢ়ি আহি ২০ এপ্রিলত নগাঁৱৰ ৰহাত উপস্থিত হয় ৷ সেইদিনাই পৰিয়ালৰ লোক আৰু জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ পুৰণিগুদাম আঞ্চলিক সদস্যই লোকজনক উদ্ধাৰ কৰি ৰহাৰ আৰক্ষীৰ সহযোগত নগাঁৱৰ এই চিকিৎসালয়খনত ভর্তি কৰাইছিল ৷ মঙলবাৰে লোকজনৰ লেলাৱটিৰ নমুনা চিকিৎসালয়খনৰ কর্তৃপক্ষই গুৱাহাটীলৈ প্রেৰণ কৰে ৷ বুধবাৰে নগাঁও জিলা স্বাস্থ্য বিভাগে জনোৱা মতে, এইজনৰ ক’ভিড–১৯ৰ নিগেটিভ পোৱা গৈছে৷ যোৱানিশা এই চিকিৎসালয়খনত ক’ৰোনা ভাইৰাছত সংক্রমিতৰ সন্দেহত দুজন লোকক ভর্তি কৰোৱা হৈছে ৷ ইয়াৰে এজন লুংচুং চাহ বাগিচাৰ আৰু আনজনক যোৱানিশা নগাঁও আৰক্ষীয়ে ১০৮ৰ জৰিয়তে পথৰ পৰা উঠাই আনি চিকিৎসালয়ত ভর্তি কৰায়৷ লোকজন মানসিকভাৱে অসুস্থ বুলি জানিব পৰা গৈছে ৷