নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিকিৎসালয়ত পাক প্রধানমন্ত্রী ইমৰান খান

ক’ভিড–১৯ত আক্রান্তৰ সৈতে বৈঠক

নিয়মীয়া বাৰ্তা, ২৩ এপ্রিলঃ পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খান ক’ভিড–১৯ত আক্রান্ত হোৱাৰ সন্দেহ প্রকাশ হৈছে ৷ চৰকাৰী বিশেষ সূত্রই প্রকাশ কৰা মতে, নিৰীক্ষণত থকা প্রধানমন্ত্রীগৰাকীৰ শীঘ্রেই ক’ভিড–১৯ৰ পৰীক্ষণ আৰম্ভ কৰিব ৷ উল্লেখ্য যে প্রয়াত সমাজকর্মী আব্দুল সত্তৰ ঈধিৰ পুত্র তথা ঈধি ফাউণ্ডেচনৰ অধ্যক্ষ ফৈয়জল ঈধিৰ সৈতে যোৱা ১৫ এপ্রিলত বৈঠকত মিলিত হোৱাৰ বাবেই পাক প্রধানমন্ত্রীগৰাকীৰ ক’ভিড–১৯ৰ পৰীক্ষা কৰাৰ প্রয়োজনীয়তা আহি পৰিছে ৷ কিয়নো ফৈয়জল ঈধি সম্প্রতি ক’ভিড–১৯ত আক্রান্ত হৈ চিকিৎসালয়ত ভর্তি হৈ আছে ৷ প্রধানমন্ত্রী খানৰ ঘৰুৱা চিকিৎসক তথা চৌকত খানু মেম’ৰিয়েল কেঞ্চাৰ হাস্পতালৰ চিই’ ফৈইজাল চুলতানে সাংবাদিকৰ আগত প্রকাশ কৰা মতে পাক প্রধানমন্ত্রীগৰাকী ক’ৰোনা ভাইৰাছৰ পৰীক্ষণৰ বাবে চিকিৎসালয়ত ভর্তি হৈ আছে৷ এই সময়ছোৱাত সম্পূর্ণ প্রট’কল বর্তাই ৰখা হ’ব৷ গতিকে কোনখন চিকিৎসালয়ত ভর্তি হৈ আছে, সেয়া আনুষ্ঠানিকভাৱে প্রকাশ কৰা নাই চিকিৎসকগৰাকীয়ে৷ মন কৰিবলগীয়া যে পাকিস্তানতো আক্রান্ত আৰু মৃতকৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পাই আছে ৷

You might also like