নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিলঃ বিশ্বজুৰি ক’ৰোনা ভাইৰাছৰ আতংক অব্যাহত থকাৰ মাজতে পূৰ্বৰ দৰে এইবাৰ কামাখ্যা ধামত অনুষ্ঠিত নহয় মহা অম্বুবাচী মেলা । বুধবাৰে কামাখ্যা মন্দিৰ চৌহদত অনুষ্ঠিত কাৰ্যকৰী সমিতিৰ এক বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে । দলৈ সমাজৰ হৈ প্ৰবীণ শৰ্মাই জনোৱা অনুসৰি ক’ৰোনা ভাইৰাছৰ বাবেই এইবছৰ মূল নীতি-নিয়ম সমূহ পালন কৰিয়েই পাৰ কৰা হ’ব অম্বুবাচী । পূৰ্বৰ দৰে অম্বুবাচী মেলাত নাথাকিব কোনো জনসমাগম ।
ইফালে, দলৈ সমাজৰ হৈ কামাখ্যাবাসী ৰাইজৰ জ্ঞাতাৰ্থে এখন বিশেষ জাননীও জাৰি কৰা হৈছে । কোনো লোককে ঘৰ ভাড়া নিদিবলৈও আহ্বান জনাইছে । আজি অৰ্থাৎ বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তক অম্বুবাচী সন্দৰ্ভত কাৰ্যকৰী সমিতিৰ এই সিদ্ধান্ত জনাব বুলিও উল্লেখ কৰে কৰ্তৃপক্ষই ।