উজনিত নিৰাপত্তা বাহিনীৰ বৃহৎ সাফল্যঃ আলফা(স্বা)ত যোগদান কৰিবলৈ যোৱা ৭ নাবালকক উদ্ধাৰ
নিয়মীয়া বাৰ্তা ২৩ এপ্ৰিলঃ ভাৰতীয় সেনা বাহিনী আৰু অসম আৰক্ষীৰ সহযোগত এক অভিযান চলাই আলফা(স্বা)ৰ লিংকমেন সহ কেডাৰৰ এটা দলক কৰায়ত্ত কৰে। যোৱা ২২ আৰু ২৩ এপ্ৰিলত উজনিৰ অসমৰ ছখনকৈ জিলাৰ আলফাত(স্বা)ত যোগদান কৰিবলৈ যোৱা সাত জন নাবালকক উদ্ধাৰ কৰে নিৰাপত্তা বাহিনীয়ে। এক বিশেষ সূত্ৰৰ পম খেদি অসম আৰক্ষী আৰু সেনা বাহিনীৰ সংযুক্ত দলে উজনি অসমৰ গোলাঘাট, যোৰহাট, শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ জিলাত অভিযান চলায়। এই বৃহৎ অভিযানত নিৰাপত্তা বাহিনীৰ দলটোৱে সন্দেহযুক্ত চাৰিজন কেডাৰ, ছয়জন লিংকমেনক কৰায়ত্ত কৰে। কৰায়ত্ত কৰা কেডাৰ কেইজনে নিষিদ্ধ ঘোষিত সংগঠনটোৰ সদস্যভৰ্ত্তিৰ লগতো জড়িত। কেডাৰকেইজনে যুৱচামক আকৰ্ষিত কৰাৰ লগতে ছ’চিয়েল মিডিয়াৰ যোগেদি বিদ্ৰোহী সংগঠনটোৰ লগত চামিল কৰাৰ বাবে উদগণি দি আহিছিল।
উদ্ধাৰ কৰা নাবালক বিষ্ণু ( সুৰক্ষাৰ ক্ষেত্ৰত পৰিচয় গোপনে ৰক্ষা হৈছে) আৰু অন্যান্য নাবালক কেইজনক কাউন্সেলিঙ কৰাৰ লগতে পিতৃ-মাতৃক সাক্ষাৎ কৰাই দিয়ে। পিতৃ-মাতৃ কেইজনে নিৰাপত্তা বাহিনীৰ লোকসকলক প্ৰশংসা কৰাৰ লগতে নাবালাক কেইজনক সুৰক্ষিত ভাৱে ঘূৰাই অনাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। গ্ৰেপ্তাৰ কৰা কেডাৰ কেইজনক অধিক সোধপোচ কৰিবলৈ অসম আৰক্ষীক চমজাই দিছে সেনা বাহিনীয়ে। ভাৰতীয় সেনা বাহিনীয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে এই কথা জানিবলৈ দিছে।