নিয়মীয়া বার্তা, ২৪ এপ্রিলঃ বাক্সা জিলাৰ ৮গৰাকীকৈ লোকে মুক্তিলাভ কৰিলে ডিটেনচন চেণ্টাৰৰ পৰা ৷ গোৱালপাৰা আৰু কোকৰাঝাৰ ডিটেনচন চেণ্টাৰত দুবছৰ সম্পূর্ণ কৰাসকলক পাঁচ হাজাৰ টকা মূল্যৰ দুজন ভাৰতীয় নাগৰিক জামিনদাৰ আৰু অন্যান্য চর্ত পূৰণসাপেক্ষে মুক্তিলাভ কৰে ৷ উচ্চতম ন্যায়ালয়ে ১৩ এপ্রিলত নির্দেশনা প্রদান কৰি লোকসকলক মুক্তি দিয়াৰ নির্দেশ প্রদান কৰিছিল ৷ সেইমর্মে উক্ত নির্দেশনাৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে প্রতিখন জিলাৰ আৰক্ষী অধীক্ষকক ৭ দিনৰ ভিতৰত ডিটেনচন চেণ্টাৰৰ পৰা মুক্তি দিয়াৰ বাবে নির্দেশনা প্রদান কৰে ৷ বৃহস্পতিবাৰে বাক্সা জিলাৰ গোৱর্ধনা থানাৰ অন্তর্গত কদম আলী (৯–২–২০১৭), মোকছেদ আলী (২৯–১১–২০১৬), উন্নতি বেগম (২৯–১১–২০১৬) তামুলপুৰ থানাৰ অন্তর্গত সত্যসাধু সূত্রধৰ (২–৯–২০১৫), চানমহল মণ্ডল (১১–৫–২০১৬), গোৰেশ্বৰ থানাৰ অন্তর্গত নাৰায়ণ দাস (২৭–৪–২০১৭), সুশীল দাস (৮–৩–২০১৮), অমৰী দাসে (২৭–৪–২০১৭) চর্তসাপেক্ষে জামিনত মুক্তিলাভ কৰে ৷ মুক্তিলাভ কৰা লোকসকলে ডিটেনচন চেণ্টাৰৰ বন্দিত্বৰ কৰুণ কাহিনী ব্যক্ত কৰে সাংবাদিকৰ আগত ৷ মুক্তিলাভ কৰা লোকসকলক যাৱতীয় সহযোগ আগবঢ়ায় বৰপেটাৰোডৰ ডি ভোটাৰ গৱেষণা কেন্দ্রৰ লগতে আমছুৰ বাক্সা জিলা সমিতিয়ে ৷ বাক্সা জিলা আমছুৰ সভাপতি ছাইফুল ইছলাম খান, মুখ্য উপদেষ্টা মইনুল হক খান, বৰপেটা জিলা আমছুৰ কার্যকৰী সভাপতি আব্দুল জুব্বাৰ আলী আৰু বাগ্সা জিলা জমিয়তৰ (আনফৰ) সাধাৰণ সম্পাদক শ্বৰিফুল ইছলামে উপস্থিত থাকি লোকসকলক সহযোগ কৰে ৷