নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অক্সফ’ৰ্ডৰ বিজ্ঞানীক প্রতিষেধক বেজী; ব্রিটেইনৰ ক’ৰোনা ভেকচিনৰ সম্পৰীক্ষণক লৈ উৎকণ্ঠাত বিশ্ববাসী

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ অক্সফ’ড বিশ্ববিদ্যালয়ত এতিয়া নিবদ্ধ হৈছে সমগ্র বিশ্বৰ দৃষ্টি৷ বিশ্বৰ বিভিন্ন বিজ্ঞানী, চিকিৎসক তথা সাধাৰণ জনতায়ো উৎকণ্ঠাৰে অপেক্ষা কৰিছে এই বিশ্বখ্যাত বিশ্ববিদ্যালয়খনত হোৱা ক’ৰোনা ভাইৰাছৰ ভেক্চিনৰ পৰীক্ষালৈ৷ ক’ৰোনা ভাইৰাছে পৃথিৱীজুৰি মহামাৰী ৰূপ লোৱাত ক’ভিড–১৯ৰ চিকিৎসাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে প্রতিখন দেশে৷ এই মহামাৰীৰ সংক্রমণ প্রতিৰোধতো ব্যর্থ সমগ্র চিকিৎসা ব্যৱস্থা৷ এনে অৱস্থাতে অক্সফ’ড বিশ্ববিদ্যালয়ত হোৱা এক গৱেষণাই আশাৰ বাতৰি কঢ়িয়াই আনিছে সমগ্র মানৱ জাতিৰ বাবে৷ অক্সফ’ড বিশ্ববিদ্যালয়ৰ জেনাৰ ইনষ্টিটিউটৰ ভেকচিন’লজীৰ অধ্যাপিকা ছাৰা গিলবার্টৰ নেতৃত্বত ক’ৰোনা প্রতিৰোধী এক ভেকচিনৰ গৱেষণা প্রক্রিয়াই নতুন গতি লাভ কৰিছে৷

বৃহস্পতিবাৰে নিশা বিশ্ববিদ্যালয়খনৰ মহিলা গৱেষক মাইক্র’ বায়’লজিষ্ট এলিচা গ্রানাট’ৰ শৰীৰত পৰীক্ষামূলকভাৱে প্রয়োগ কৰা হয় এই ক’ৰোনা প্রতিৰোধী ভেকচিন৷ এলিচা গ্রানাট’ৰ শৰীৰত ভেকচিনৰ বেজী দিয়াৰ ৪৮ ঘণ্টা তেওঁ সম্পূর্ণ নিৰীক্ষণত ৰাখিব ভেকচিন গৱেষণাত জড়িত বিজ্ঞানীৰ দলটোৱে৷ ছাৰা গিলবার্ট নেতৃত্বাধীন এই বিজ্ঞানীসকলে ভেকচিনটোৰ ক্রিয়া প্রতিক্রিয়াসমূহ পর্যবেক্ষণ কৰি তাৰ ডাটা বিশ্লেষণ কৰিব৷ এই বিশ্লেষণৰ উত্তৰে ভেকচিনটোৰ ফলাফল নিৰূপিত কৰিব বুলি গিলবার্টে প্রকাশ কৰিছে৷

উল্লেখ্য যে বিশ্বব্যাপী মহামাৰী ৰূপ ধাৰণ কৰা ক’ৰোনা ভাইৰাছৰ প্রতিৰোধৰ বাবে প্রস্তুত কৰা এই ভাইৰাছটো গ্রহণ কৰা এলিচা গ্রানাট’ৰ বৃহস্পতিবাৰে আছিল ৩২ বছৰীয়া জন্মদিন৷ মানৱ জাতিৰ কল্যাণৰ হকে সম্পাদিত এক মহৎ কর্মৰ অংশীদাৰ হৈ আজি এলিচাই সংবাদ মাধ্যম বিবিচিক দিয়া এক সাক্ষাৎকাৰত কয়– ‘মই নিজে এগৰাকী বিজ্ঞানী৷ সেয়ে আজি বিশ্বৰ বাবে সবাতোকৈ প্রয়োজনীয় এক বৈজ্ঞানিক গৱেষণাপ্রক্রিয়া এটাক সহায় কৰিব বিচাৰিছোঁ৷ এই গৱেষণাই সুফল লাভ কৰিলে মই সবাতোকৈ সুখী হ’ম৷’

ইফালে যোৱা তিনি মাহ ধৰি এই গৱেষণাত ব্যস্ত থকা অক্সফ’ডৰ বিজ্ঞানী চাৰা গিলবার্টে কয়– ‘এই ভেকচিনটোৰ ওপৰত মই বহু পৰিমাণে আশাবাদী৷ ইয়াৰ বাবে নিশ্চিতভাৱে আৰু বহু পৰীক্ষাৰ প্রয়োজন হ’ব৷ বিভিন্ন বয়সৰ লোকৰ শৰীৰত ইয়াক প্রয়োগ কৰি পৰীক্ষা চলাব লাগিব৷ তাৰ আধাৰতেই একক ভেকচিন এটা প্রস্তুত কৰি বহুল জনবসতিৰ অঞ্চলত ক’ৰোনা প্রতিৰোধৰ বাবে ব্যৱহাৰ কৰিব পৰা যাব৷ ভেকচিনটোক লৈ মই সম্পূর্ণ আশাবাদী৷’ উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ পৰাই ২০১৩ চনত হোৱা মার্চ ৰোগৰ ভেকচিন প্রস্তুত কৰিছিল অক্সফ’ডৰ এই গৱেষক দলটোৱে৷ আনহাতে, ছাৰা গিলবার্টে নিপা ভাইৰাছৰ উপৰি ইনফ্লুৱেঞ্জা–এ ভেকচিন আৱিষ্কাৰ কৰিছিল৷ এই গৱেষণাই বিশ্বত ক’ৰোনা মহামাৰীৰ ধুমুহাৰ অৱসান ঘটাব বুলি মন্তব্য প্রকাশ কৰিছে অক্সফ’ডৰ ভেকচিন গ্রুপৰ ডাইৰেক্টৰ অধ্যাপক এণ্ড্রি’ প’লার্ডে৷ উল্লেখ্য যে এলিচা গ্রানাট’ৰ শৰীৰত এই ভেকচিন প্রয়োগ কৰাৰ পাছতে অক্সফ’ডৰ আন এগৰাকী পুৰুষ গৱেষকৰ শৰীৰতো প্রয়োগ কৰা হয়৷

ইয়াৰ পাছতে ৮০০গৰাকী লোক আৰু অন্তিম সময়ত ৫ হাজাৰ মানৱ শৰীৰত এই ভেকচিন প্রয়োগ কৰি গৱেষণাৰ অন্তিম পর্যায়ত উপনীত হ’ব বিজ্ঞানীৰ দলটো৷ ইতিমধ্যে ইংলেণ্ডৰ থমাছ ভেলী ৰিজি’নৰ পৰা যোৱা মার্চ মাহত ১৮ৰ পৰা ৫৫ বছৰ বয়সৰ বিভিন্ন লোক এনে পৰীক্ষাৰ বাবে চিনাক্ত কৰিছে গৱেষকৰ দলটোৱে৷ ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ বাবে প্রস্তুত কৰা এই ChAdOx1 nCoV-19  ভেকচিনটো প্রস্তুত কৰা হৈছে এটা ভাইৰাছৰ পৰা৷ যিটো ভাইৰাছৰ বৈজ্ঞানিক নাম হৈছেChAdOx1৷ সাধাৰণ চর্দি–জ্বৰত আক্রান্ত কৰা এডিন’ ভাইৰাছৰ এটা দুর্বল সংস্কৰণ হৈছে এই ভাইৰাছটো৷ এডিন’ ভাইৰাছ সাধাৰণতে চিম্পাঞ্জীৰ দেহলৈ সংক্রমিত হয় যদিও মানৱ দেহত ই জীয়াই থকাটো অসম্ভৱ৷

এই ভাইৰাছটোৰ পৰা প্রস্তুত কৰা ভেকচিন প্রয়োগ কৰি মানৱ শৰীৰত ক’ভিড–১৯এ আক্রমণ কৰা কোষসমূহৰ ৰোগ প্রতিৰোধ বৃদ্ধি কৰাটো সম্ভৱ হ’ব নেকি তাৰ ওপৰত অক্সফ’ডৰ বিজ্ঞানীৰ দলটোৱে পৰীক্ষা কৰিব৷ পৰীক্ষামূলকভাৱে যিসকল লোকৰ শৰীৰত এই ভেকচিনৰ বেজী দিয়া হৈছে, তেওঁলোকৰ ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি হৈছে নেকি আৰু ক’ভিড–১৯এ আক্রমণ কৰা কোষসমূহ প্রতিৰোধী ক্ষমতাসম্পন্ন হৈ উঠিছে নে নাই, সেয়া তেওঁলোকৰ নিয়মিত তেজ পৰীক্ষাৰ জৰিয়তে গৱেষণা কৰা হ’ব৷

আনহাতে, এই ভেকচিন লোৱা লোক ক’ভিড–১৯ত আক্রান্ত হ’লে তেওঁৰ শাৰীৰিক জটিলতা গুৰুতৰ হ’ব পাৰে বুলি একাংশ বিজ্ঞানীয়ে কৰা আশংকা নস্যাৎ কৰি ছাৰা গিলবার্টৰ বিজ্ঞানীৰ দলটোৱে কয় যে উপলব্ধ ডাটাই ক’ভিড–১৯ত আক্রান্ত হ’লেও ভেকচিনৰ বাবে মানৱ শৰীৰত পৰিব পৰা কু–প্রভাৱ নূ্যনতম হ’ব পাৰে বুলি ইংগিত দিয়ে৷ গতিকে এনে আশংকাৰ বাস্তৱ ভিত্তি নাই৷ ক’ৰোনাৰ আন এক ৰোগ মার্ছৰ Mers) ভেকচিন প্রস্তুতৰ সময়তো এনে আশংকা প্রকাশ পাইছিল যদিও পাছত সেয়া নেতিবাচক প্রমাণ হৈছে৷

উল্লেখ্য যে এই দলটোৱেই মার্চৰ ভেকচিন একে প্রক্রিয়াৰেই প্রস্তুত কৰি সুফল লাভ কৰিছিল৷ এই পৰীক্ষা সন্দর্ভত ব্রিটেইনৰ মুখ্য চিকিৎসা উপদেষ্টা খ্রীছ হুইটীয়ে কয় যে অক্সফ’ডৰ এই গৱেষণা ইতিবাচক আৰু অহা সময়ত আমি ক’ভিড–১৯ৰ ভেকচিন তথা ঔষধ লাভ কৰিবলৈ সক্ষম হ’ম বুলি আশাবাদী৷ ক’ৰোনাৰ এনে মহামাৰীৰ সময়ত অক্সফ’ডৰ গৱেষণাগাৰত আৰম্ভ হোৱা ভেকচিনৰ প্রায়োগিক পৰীক্ষাৰ কাউণ্ট ডাউনে সুফল আনিব বুলি আশাবাদী সমগ্র মানৱ জাতিও৷

You might also like