আজি অসম পাবহি কোটাৰ ৩৮৯ শিক্ষার্থী
নিয়মীয়া বাৰ্তা, ২৬ এপ্রিলঃ ৰাজস্থানৰ কোটাৰ পৰা অসম অভিমুখে আহি থকা ৩৮৯ গৰাকী শিক্ষার্থীৰ দলটো আজি পুৱাৰ ভাগতে শ্রীৰামপুৰত উপস্থিত হ’ব৷ ৰাজ্যখনৰ প্রৱেশদ্বাৰত উপস্থিত হোৱাৰ লগে লগে স্বাস্থ্য বিভাগৰ দলে প্রতিগৰাকী ছাত্র–ছাত্রীৰ স্বাস্থ্য পৰীক্ষা কৰিব৷ স্বাস্থ্য পৰীক্ষাৰ ফলাফলত ক’ৰোনাৰ উপস্থিতিৰ কোনো লক্ষণ নেদেখিলেহে তেওঁলোকক আগবঢ়াৰ অনুমতি প্রদান কৰা হ’ব৷
স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰিছে৷ তেওঁ প্রকাশ কৰা অনুসৰি কাৰোবাৰ শৰীৰত যদি জ্বৰ–কাহ বা ক’ৰোনাৰ আন কোনো লক্ষণ পৰিলক্ষিত হয়, তেতিয়াহ’লে তেওঁলোকক শ্রীৰামপুৰতে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হ’ব৷ শ্রীৰামপুৰৰ পৰা তেওঁলোকক গুৱাহাটী অভিমুখে আহিবলৈ দিয়া নহ’ব৷
আনহাতে, ক’ৰোনাৰ কোনো লক্ষণ পৰিলক্ষিত নহ’লে তেওঁলোকক সৰুসজাইলৈ অনা হ’ব৷ সৰুসজাইত তেওঁলোকক কোৱাৰেণ্টাইনত ৰখা হ’ব৷ ক’ৰোনাৰ উপস্থিতি আছে নেকি, সেই সম্পর্কত নিশ্চিত হোৱাৰ বাবে খেকাৰৰ নমুনা সংগ্রহ কৰা হ’ব৷ নমুনাৰ ফলাফল নিগেটিভ লাভ কৰিলে পাঁচ দিন পাছত চিকিৎসকে সিদ্ধান্ত ল’ব তেওঁলোকক ১৪ দিনৰ কোৱাৰেণ্টাইনত সৰুসজাইতে ৰখা হ’ব নে অতিৰিক্ত ৯ দিন ঘৰতে কোৱাৰেণ্টাইনত থকাৰ অনুমতি দি ঘৰলৈ যাবলৈ দিয়া হ’ব৷ এয়া সম্পূর্ণৰূপে চিকিৎসকৰ পৰামর্শৰ ওপৰত নির্ভৰ কৰিব৷