নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মটৰ শ্রমিকে ঘৰতে সাব্যস্ত কৰিলে প্রতিবাদ

নিয়মীয়া বাৰ্তা, ২৬ এপ্রিলঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধক লৈ দেশজুৰি চলি থকা লকডাউনৰ মাজতে শ্রমজীৱী লোকসকল ব্যাপক সংকটৰ সন্মুখীন হৈছে৷ দিন হাজিৰা কৰি জীৱিকা নির্বাহ কৰাৰ লগতে মটৰ পৰিৱহণৰ সৈতে জড়িত শ্রমিক–কর্মচাৰীসক্ এই ক’ৰোনাৰ যুদ্ধত বিশেষভাৱে ক্ষতিগ্রস্ত হোৱা পৰিলক্ষিত হৈছে৷ যানবাহন চলাচলকে ধৰি সকলো কাম–কাজ ব্যাহত হৈ পৰাত অধিকাংশ শ্রমিক–কর্মচাৰীৰ পৰিয়ালৰ অৱস্থা আর্থিকভাৱে শোচনীয় হৈ পৰিছে৷ অৱশ্যে চৰকাৰে এইক্ষেত্রত বিশেষ পেকেজ ঘোষণা কৰি দৰিদ্রক সহায়ৰ বাবে বিহিত ব্যৱস্থা গ্রহণ কৰিছে যদিও মটৰ পৰিবহণৰ লগত জড়িত কর্মচাৰীৰ বাবে বিশেষ ব্যৱস্থা গ্রহণ কৰা পৰিলক্ষিত হোৱা নাই৷

সেয়েহে অল ইণ্ডিয়া ৰোড ট্রেন্সপ’ট ৱার্কার্ছ ফেডাৰেচন অসম ৰাজ্যিক কমিটীৰ আহ্বানত শনিবাৰে মটৰ পৰিবহণ কর্মচাৰী, ঠেলা, ৰিক্স, অ’ট ৰিক্সা, কেব, বাছ, ট্রাককে ধৰি গধুৰ যানবাহনৰ শ্রমিক–কর্মচাৰীৰ লগতে ক্ষুদ্র মালিকৰ বিভিন্ন সমস্যা সমাধানৰ বাবে দাবী দিৱস পালন কৰা হয়৷ কামৰূপ মহানগৰ জিলাকে ধৰি অসমৰ প্রতিখন জিলাত মটৰ শ্রমিক ইউনিয়নসমূহে নিজৰ ঘৰতে থাকি লকডাউনত ক্ষতিগ্রস্ত মটৰ আৰু অন্যান্য পথ পৰিবহণ শ্রমিক তথা ক্ষুদ্র মালিকক যোৱা মার্চৰ পৰা দুমাহৰ ১০ হাজাৰ টকাকৈ এককালীন অর্থ সাহায্য প্রদান কৰাৰ দাবীত প্রতিবাদ সাব্যস্ত কৰে৷ লগতে ইয়াৰ জৰিয়তে মটৰ পৰিবহণ ইউনিয়নসমূহে বেচৰকাৰী ব্যৱসায়িক বাহনসমূহ চলাচলৰ সুবিধা প্রদান কৰা, মটৰ শ্রমিক কল্যাণ আঁচনি ৰূপায়ণ কৰা, পেট্র’ল–ডিজেলৰ বর্ধিত দাম প্রত্যাহাৰ কৰা আৰু অন্যান্য দাবীৰ সমর্থনত শ্রমিকসকলে নিজৰ ঘৰতে পৰিয়ালৰ লোকক লগত লৈ প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷

অৱশ্যে একাংশ শ্রমিকে ঘৰৰ ভিতৰত প্রতিবাদ সাব্যস্ত কৰাৰ বিপৰীতে বহু শ্রমিক–কর্মচাৰীয়ে নিজৰ কার্যালয়ৰ সন্মুখতো দাবী–পত্র দেখুৱাই মটৰ শ্রমিকৰ সমস্যাসমূহ সমাধান কৰাৰ বাবে চৰকাৰৰ দৃষ্টি আকর্ষণ কৰে৷ অল ইণ্ডিয়া ৰোড ট্রেন্সপ’ট ৱার্কার্ছ ফেডাৰেচনৰ অসম ৰাজ্যিক সমিতিয়ে এই দাবী দিৱসত অংশগ্রহণ কৰা পথ পৰিবহণৰ লগত সংযুক্ত সকলো শ্রমিক–কর্মচাৰী আৰু ক্ষুদ্র মালিকসকলক সংগ্রামী অভিনন্দন জ্ঞাপন কৰে৷ তদুপৰি সেই সাহায্যৰ পৰিমাণ যাতে বিগত দুমাহত লকডাউনৰ বাবে পৰিবহণ কর্মচাৰীসকলৰ ক্ষতিৰ লগত যুক্তিপূর্ণ হয় তাৰ বাবে চৰকাৰলৈ আহ্বান জনায়৷

ইপিনে, মহানগৰীত চলাচল কৰা অ’লা–উবেৰ আৰু ই–ৰিক্সা চালকসকলে লকডাউনৰ বাবে ব্যাপক সংকটৰ সন্মুখীন হৈছে বুলি শ্রমিক নেতা বীৰেন শর্মাই জানিবলৈ দিছে৷ অৱশেষত প্রতিবাদকাৰীসকলে বিভিন্ন সমস্যা সমাধানৰ দাবী সম্বলিত স্মাৰক–পত্র মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাললৈ প্রেৰণ কৰে৷

You might also like