নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘাইপথ নহয়, ৰে’লপথ হৈ পৰিছে ৰেড জনৰ পৰা গ্ৰীণজনলৈ অহা মূল পথ

নিয়মীয়া বাৰ্তা ২৬ এপ্ৰিলঃ ক’ৰোনা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যৰ কেইবাখনো জিলাক ঘোষণা ৰেড জন ঘোষণা কৰে। যাৰ বাবে যাতায়ত সম্পূৰ্ণ ৰূপে বন্ধ হৈ আছে। কিন্তু এতিয়া ৰে’লপথেদি ৰেড জনৰ পৰা গ্ৰীণ জনলৈ আহযাহ কৰাৰ মূল পথ হিচাপে বাচি লৈছে একাংশই। আনকি গোৱালপাৰাৰ পৰা বঙাইগাঁৱলৈ আৰু বৰপেটাৰ পৰা বঙাইগাঁৱলৈ একাংশ লোকে খোজকাঢ়ি অহা-যোৱা কৰি আছে ৰেলপথেৰে ৷ আজি অভয়াপুৰীৰ ভোমাপাৰা গাঁৱত ৰাইজে কৰায়ত্ত কৰে ৰেলপথেৰে অহা তিনিজন অচিনাক্ত ব্যক্তিক। অতি বিপদজনক ভাৱে গোৱালপাৰাৰ মাজেৰে পাৰ হৈ আহিছিল এই তিনিজন লোক ৷ ঘাইপথেৰে আৰক্ষীৰ বাধাৰ সন্মূখীনৰ বাবে এনেদৰে গুৱাহাটীৰ পৰা লোককেইজন। পিছত স্থানীয় ৰাইজে অভয়াপুৰী আৰক্ষীক গোটাই দিয়ে লোককেইজনক ৷

You might also like