ক’ৰোনাত মৃত বুলি ঘোষিত মহিলাক জীৱন্তে উদ্ধাৰ
নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ লেটিন আমেৰিকান ৰাষ্ট্র ইকুৱেডৰত ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ মৃত্যু হোৱা বুলি ঘোষণা কৰা ৭৪ বছৰীয়া মহিলা এগৰাকী জীৱিত অৱস্থাত উদ্ধাৰ হৈছে৷ হাস্পতালে মহিলাগৰাকীক চিনাক্ত কৰাত ভুল হৈছিল বুলি শেহতীয়াকৈ পৰিয়ালৰ ওচৰত ক্ষমা বিচাৰিছে৷
উল্লেখনীয় যে আলবা মাৰুৰি নামৰ মহিলাগৰাকীৰ যোৱা মাহত হাস্পতালত মৃত্যু হোৱা বুলি ঘোষণা কৰা হৈছিল৷ আনকি মহিলাগৰাকীৰ অন্ত্যেষ্টিক্রিয়াৰ পাছত পৰিয়ালক ছিতাভস্মও গতাই দিয়া হৈছিল৷ কিন্তু তিনি সপ্তাহ পাছত হাস্পতালতে উদ্ধাৰ হৈছে মহিলাগৰাকী৷ আলবা তিনি সপ্তাহ ধৰি সংজ্ঞাহীন অৱস্থাত আছিল যদিও পৰৱর্তী সময়ত সংজ্ঞা ঘূৰাই পায়৷ লগে লগে মহিলাগৰাকীয়ে নিজ ভগ্ণীক খবৰ দিয়াৰ বাবে চিকিৎসকক অনুৰোধ জনায়৷ স্মর্তব্য যে ইকুৱেডৰত ক’ৰোনাত ২২ সহস্রাধিক লোক আক্রান্ত হোৱাৰ লগতে প্রাণ হেৰুৱাইছে ৬০০ লোকে৷