নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয়সহ ১৭ লোকৰ নাগৰিকত্ব বাতিলৰ প্ৰক্ৰিয়া আৰম্ভ আমেৰিকাৰ

আমেৰিকাই সোমবাৰে (৮ জুন, ২০২৬) ঘোষণা কৰিছে যে গুৰুতৰ অপৰাধৰ অভিযোগত অভিযুক্ত এজন ভাৰতীয় প্ৰব্ৰজনকাৰীসহ মুঠ ১৭জন লোকৰ নাগৰিকত্ব বাতিল কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।

আমেৰিকাৰ ন্যায় বিভাগে জনোৱা মতে, নিউজাৰ্ছিভিত্তিক প্লেচমেণ্ট ফাৰ্ম ‘মেগ্নাভিজন এলএলচি’ৰ গৰাকী ৫০ বছৰীয়া নীৰজ শৰ্মাৰ বিৰুদ্ধে ১১টা ভুৱা এইচ-১বি (H-1B) ভিছা আবেদনত স্বাক্ষৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে। তেওঁ দাবী কৰিছিল যে সংশ্লিষ্ট আবেদনকাৰীসকলে এটা আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠানত কৰ্মৰত হ’ব।

বিভাগটোৰ মতে, এইচ-১বি ভিছা আবেদনৰ সৈতে দাখিল কৰা সহায়ক নথিপত্ৰসমূহত সংশ্লিষ্ট বিত্তীয় প্ৰতিষ্ঠানৰ বিষয়াসকলৰ জাল স্বাক্ষৰ ব্যৱহাৰ কৰা হৈছিল। লগতে অভিযোগ অনুসৰি, ২০১৭ চনত আমেৰিকান নাগৰিকত্বৰ বাবে আবেদন কৰাৰ সময়ত নীৰজ শৰ্মাই নিজৰ পূৰ্বৰ অপৰাধমূলক কাৰ্যকলাপৰ বিষয়ে সাক্ষাৎকাৰত মিছা তথ্য প্ৰদান কৰিছিল।

ন্যায় বিভাগৰ তথ্য অনুসৰি, নীৰজ শৰ্মাই ২০১৭ চনৰ ডিচেম্বৰ মাহত আমেৰিকাৰ নাগৰিকত্ব লাভ কৰিছিল। কিন্তু পৰৱৰ্তী সময়ত ২০১৫ চনৰ এপ্ৰিলৰ পৰা ২০১৭ চনৰ এপ্ৰিলৰ ভিতৰত সংঘটিত প্ৰৱঞ্চনা আৰু ভিছাৰ অপব্যৱহাৰৰ গোচৰত তেওঁ দোষী সাব্যস্ত হয়।

আমেৰিকাৰ গৃহ সুৰক্ষা বিভাগৰ প্ৰধানে বিবৃতিত কয়, “আমেৰিকাৰ নাগৰিকত্ব এক বিশেষাধিকাৰ, আৰু ইয়াক সততা আৰু ন্যায়সংগত উপায়েৰে লাভ কৰিব লাগে। যদি কোনোবাই আমেৰিকালৈ আহি আইন ভংগ কৰে আৰু প্ৰব্ৰজন সম্পৰ্কীয় কাৰ্যবিধিৰ সময়ত মিছা তথ্য দিয়ে, তেন্তে তেওঁ সেই বিশেষাধিকাৰ হেৰুৱাব পাৰে।”

আমেৰিকাৰ প্ৰব্ৰজন আৰু নাগৰিকত্ব আইন অনুসৰি, যদি কোনো ব্যক্তিয়ে অবৈধ উপায়েৰে, গুৰুত্বপূৰ্ণ তথ্য গোপন কৰি বা জ্ঞাতসাৰে ভুল তথ্য দি আমেৰিকান নাগৰিকত্ব লাভ কৰে, তেন্তে তেওঁৰ নাগৰিকত্ব বাতিল কৰিব পাৰি।

নীৰজ শৰ্মাৰ উপৰি যিসকল ১৬ জন লোকৰ নাগৰিকত্ব বাতিলৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে, তেওঁলোকৰ ভিতৰত আছে—নিজ কন্যাৰ যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত হাইটিৰ এজন ব্যক্তি, ১৫ বছৰৰ তলৰ শিশুৰ যৌন নিৰ্যাতনৰ গোচৰত দোষী সাব্যস্ত হোৱা যুগোশ্লাভিয়াৰ এজন ব্যক্তি, নাবালকৰ অশ্লীল ছবি ৰখাৰ অপৰাধত দোষী সাব্যস্ত মেক্সিকোৰ এজন প্ৰব্ৰজনকাৰী, শিশু যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত কলম্বিয়াৰ এজন প্ৰাক্তন পাদ্ৰী আৰু শিশুৰ সৈতে যৌন অপৰাধৰ অভিযোগ স্বীকাৰ কৰা ফিলিপাইনছৰ এজন ব্যক্তি।

ডিজিটেল ডেস্ক ৯ জুন

You might also like