নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লক ডাউনঃ দৰিদ্ৰজনলৈ সহায়ৰ হাত বিভিন্নজনৰ

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ সমগ্ৰ বিশ্বতে মহামাৰী কৰ’ণা ভাইৰাছৰ আতংক।এই মহামাৰী কৰ’ণাক প্ৰতিহত কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিলে দুটা পৰ্যায়ৰ লক ডাউন। লক্ ডাউনৰ সময়চোৱাত চৰকাৰৰ আহ্বান মৰ্মে ঘৰতে আবদ্ধ থকা দৰিদ্ৰ তথা শ্ৰমজীৱি জনসাধাৰণৰ খাদ্য- সংকট দূৰ কৰিবলৈ চৰকাৰে প্ৰদান কৰিছে বিনামূলীয়া ৰেচন। তদুপৰি ৰেচন কাৰ্ড নথকা দৰিদ্ৰলোকলৈ বুলি চৰকাৰে প্ৰদান কৰিছে নগদ ধনৰ সুবিধা। ইয়াৰ লগতে এই বিপদৰ সময়চোৱাত আৰ্তজনৰ কাষত থিয় হৈছে বিভিন্নজন লোক ।

          ৰহা আৰক্ষী থানাৰ অন্তৰ্গত বাৰপূজীয়াৰ জৰাবাৰীতো দৰিদ্ৰজনলৈ খাদ্য-সামগ্ৰী আগবঢ়ালে স্থানীয় যুৱ ব্যৱসায়ী, সমাজকৰ্মী তথা প্ৰাক্তন তিৱা স্বায়ত্ব পৰিষদৰ সদস্য অংকুৰজ্যোতি বৰাই। প্ৰাক্তন সদস্য গৰাকীয়ে মৰিগাঁও স্বায়ত্ব পৰিষদৰ অন্তৰ্গত জৰাবাৰী পৰিষদীয় সমষ্টিৰ কেইবাখনো গাঁৱৰ প্ৰায় শতাধিক দৰিদ্ৰ লোকক চাউল,দাইলকে ধৰি অত্যাবশ্যকীয় সামগ্ৰী। বিগত কেইবাদিনো ধৰি জৰাবাৰী আঞ্চল বিভিন্নজন লোকক খাদ্য-সামগ্ৰীৰ লগতে আৰ্থিক সাহায্য প্ৰদান কৰি আহিছে।

You might also like