নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পদ্মা পুখুৰীত কাছৰ খাদ্য সংকট

নিয়মীয়া বাৰ্তা ২৭ এপ্ৰিলঃ সমগ্ৰ দেশতেই লকডাউন। লকডাউনৰ বাবে দর্শনার্থীশূন্য হৈ পৰিছে দৰং জিলাৰ পশ্চিম অঞ্চলৰ ঐতিহাসিক পদ্মাথান দেৱালয়৷ যাৰ বাবে সংকটত পৰিছে দেৱালয় পৰিচালনা সমিতিয়ে গঢ় দিয়া কাছ সংৰক্ষণ প্রকল্পত৷ উল্লেখ্য যে দেৱালয় সংলগ্ন পুখুৰীটোক কাছ সংৰক্ষণ প্রকল্প হিচাপে পৰিচালনা সমিতিয়ে গঢ়ি তুলিছিল ৷ এই পুখুৰীত প্ৰায় আঢ়ৈৰ পৰা তিনি হাজাৰ সৰু–বৰ কাছ আছে৷ লগতে পুখুৰীটোত বিভিন্ন প্ৰজাতিৰ মাছও আছে। দর্শনৰ বাবে অহা দর্শনার্থীয়ে আগবঢ়োৱা মুড়ি, বিস্কুট, কল,বুট আদিও খাদ্য হিচাপে ব্যৱহাৰ হয়৷ কিন্তু লকডাউনৰ বাবে দর্শনার্থী অহা বন্ধ হোৱাৰ লগতে বন্ধ হৈ পৰিল দোকান–বজাৰ৷ তেনেক্ষেত্রত খাদ্য সংকটৰ সন্মুখীন হৈছে পুখুৰীটোৰ কাছবোৰ৷ ইফালে এই সময়টোৱেই আকৌ কাছৰ বংশবৃদ্ধিৰো সময়, তেনে সময়ত খাদ্যৰ প্রয়োজন৷ যাৰ বাবে উপায়হীন হৈ পৰিছে পৰিচালনা সমিতি৷ লক্ষণীয় যে দৰং জিলা পৰিষদৰ সহযোগত বিগত ছয় বছৰ পূর্বে দেৱালয় উন্নয়ন সমিতিয়ে পদ্মাথানৰ পদ্মা পুখুৰীত আনুষ্ঠানিকভাৱে আৰম্ভ কৰে এটি কাছ সংৰক্ষণ প্রকল্প৷ বর্তমান এই পুখুৰীত দুই হাজাৰতকৈও অধিক কাছ থকাৰ কথা জানিব দিয়ে দেৱালয় উন্নয়ন সমিতিৰ সম্পাদক দীপেন কলিতাই৷ তদুপৰি প্রতিবছৰে আশানুৰূপ ধৰণে পদ্মা পুখুৰীত বৃদ্ধি পাই আহিছে কাছৰ সংখ্যা৷ কিন্তু সম্প্রতি দেশত বলৱৎ হোৱা লকডাউনৰ পৰিপ্রেক্ষিতত পুখুৰীটোত থকা কাছৰ বাবে খাদ্যৰ নাটনি হৈছে৷ ৷ এইক্ষেত্রত পৰিচালনা সমিতিক সামান্য সকাহ দিয়াৰ প্রয়াস কৰিছে দৰঙৰ এটি স্বেচ্ছাসেৱী অনুষ্ঠান ইউনিটী উই দ্য ব্লাড ড’নাৰে৷ ৰক্তদানেৰে অনেকজনক জীৱনদান দিয়া এই সংস্থাটিয়ে মাছ আৰু কাছৰ বাবে প্রয়োজন অনুপাতে কিছু সামগ্রী পৰিচালনা সমিতিক অর্পণ কৰিছে৷ যাতে একেবাৰে জৰুৰী সময়ত খাদ্যখিনি আগবঢ়াব পাৰে মাছ আৰু কাছক৷ ইউনিটী উই দ্য ব্লাড ড’নাৰৰ হৈ শেখৰ মজুমদাৰ, জয়প্রকাশ শর্মা, ৰাতুল ডেকা, মাইনু পাঠক, শিখামণি কটকীয়ে এই সামগ্রীখিনি অর্পণ কৰে৷

You might also like