টংলাত সামাজিক দূৰত্ব বজাই ৰাখি বোৱাৰী বিহু উদযাপন
নিয়মীয়া বাৰ্তা ২৭ এপ্ৰিলঃ সম্প্ৰত্তি দেশত লকডাউন তাৰ মাজতে ৰাজ্য খনত ৰঙালী বিহু। এইবাৰ পূৰ্বৰ দৰে ৰঙালী বিহুৰ পৰিৱেশ নাই ৰাজ্যখনত। তাৰ মাজতে শনিবাৰে টংলাত ১৪সংখ্যক বোৱাৰী বিহুৰ কার্যসূচী পতাকা উত্তোলন কৰিয়েই সামৰণি মাৰে৷ শনিবাৰে ৰাতিপুৱা ১১ বজাত সম্পূর্ণৰূপে সামাজিক দূৰত্ব বজাই ৰাখি মুখত মাস্ক পৰিধান কৰি বোৱাৰী বিহুৰ পতাকা অসমীয়া জাতিৰ স্বাভিমানৰ প্রতীক গামোচা উত্তোলন কৰে সভানেত্রী ৰঞ্জনা শর্মা বৰুৱাই৷ সম্পাদিকা ডলী বড়া ডেকাই আঁত ধৰা অনুষ্ঠান সহকাৰী সম্পাদিকা ৰীতামণি বর্মনকে ধৰি মাত্র সাতগৰাকী সদস্যাৰে উক্ত কার্যসূচী ৰূপায়ণ কৰে৷ টংলাৰ মাজমজিয়াস্থিত গোপীনাথ বৰদলৈ স্মৃতি ভৱনৰ চৌহদত অনুষ্ঠিত কৰা কার্যসূচীত বোৱাৰী বিহু উদ্যাপনৰ স্থায়ী পৰিচালনা সমিতিৰ পৰা অঞ্চলটোৰ দহগৰাকী দুখীয়া পৰিয়ালক চাউল, দাইল, আলু, ৰঙালাউ, নিমখ, বিস্কুট আদি নিত্য ব্যৱহার্য সামগ্রী বিতৰণ কৰে৷
আনহাতে ক’ৰোনা ভাইৰাছে সমগ্র্র অসমত সৃষ্টি কৰা সংঘত আৰু দুর্যোগৰ সময়ত নিজৰ জীৱন তুচ্ছজ্ঞান কৰি দিনে–ৰাতিয়ে বাতৰি সংগ্রহত ব্যক্ত হৈ ৰাইজক খবৰ বিলাই অহাৰ বাবে জ্যেষ্ঠ সাংবাদিকক বাপন শর্মা, নাৰায়ণ ডেকা বোৱাৰী বিহু উদ্যাপন সমিতিয়ে সামাজিক দূৰত্ব বজাই ৰাখি ফুলাম গামোচাৰে বিহুৰ পতাকা উত্তোলনস্থলীতে সম্বর্ধনা জনায়।