নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জুৰীয়াত কর্তব্যৰত চিকিৎসকক অপদস্থ

নিয়মীয়া বার্তা,২৭ এপ্রিলঃ দেশত এতিয়া ক’ৰোনা সংক্ৰমণৰ বাবে লকডাউন। আনহাতে ক’ৰোনা যুঁজত দিনে নিশাই ব্যস্ত হৈ আছে চিকিৎসকল। তাৰ মাজতে এতিয়া একাংশ চিকিৎসকে  যেন অসুৰক্ষিত অনুভৱ কৰিব লগা হৈছে ৷ নগাওঁ জিলাৰ জুৰীয়াৰ সমীপৰ জেঙনি কলাডুবা নৈপৰীয়া চিকিৎসালয়ত চিকিৎসকক অপদস্থ কৰা ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে চিকিৎসালয়খনৰ চিকিৎসক–কর্মচাৰী একাংশ অসাধু লোকে কর্তব্যৰত অৱস্থাত  অপদস্থ কৰাৰ লগতে বিভিন্ন ভয়–ভাবুকি প্রদান কৰিছে৷ ঘটনা সন্দর্ভত নৈপৰীয়া চিকিৎসালয়খনৰ ভাৰপ্রাপ্ত চিকিৎসক ডাঃ তফাজ্জুল হুছেইনে জুৰীয়া আৰক্ষী থানাত দাখিল কৰা এজাহাৰ অনুসৰি, স্থানীয় মফিজ উদ্দিন নামৰ এজন লোকৰ নেতৃত্বত এটা দুষ্ট চক্রই চিকিৎসালয়খনৰ চিকিৎসক আৰু অন্যান্য কর্মচাৰীক দীর্ঘদিন ধৰি বিভিন্ন ধৰণে হাৰাশাস্তি কৰি আহিছে৷ দেওবাৰেও নিজৰ কর্তব্য পালন কৰি থকা সময়ত চিকিৎসকগৰাকীক চিকিৎসালয়খনৰ চৌহদত প্রৱেশ কৰি উক্ত লোকজনৰ নেতৃত্বত দুজনীয়া দলে অনুৰূপ আচৰণ কৰি এক  হুলস্থুলিয়া  পৰিৱেশৰ সৃষ্টি কৰে৷ উক্ত চক্রটোৱে চিকিৎসালয়খনৰ মাটি বেদখল হোৱাত ডাঃ হুছেইনে সহায় কৰাৰ অভিযোগ তুলি এইদৰে তেওঁক বিভিন্ন সময়ত গালি–গালাজ কৰাৰ উপৰি ভয়–ভাবুকি প্রদর্শন কৰি অহাৰ সমান্তৰালভাৱে কালিও শাৰীৰিক–মানসিকভাৱে অপদস্থ কৰে৷ ইতিমধ্যে আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে যদিও অপৰাধীক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই৷

You might also like