কুশলে আছে উত্তৰ কোৰিয়াৰ শীর্ষ নেতা কিম জং–উন
নিয়মীয়া বাৰ্তা, ২৮ এপ্ৰিলঃ বিশ্বজুৰি ৰহস্য আৰু উৎকণ্ঠা অব্যাহত থকাৰ সময়তে দক্ষিণ কোৰিয়াৰ শীর্ষ বৈদেশিক নীতি নির্ধাৰণৰ উপদেষ্টা এগৰাকীয়ে আজি ঘোষণা কৰিছে যে উত্তৰ কোৰিয়াৰ ৰাষ্ট্রপতি কিম জং–উন জীৱিত আৰু কুশলে আছে৷ স্মর্তব্য যে দক্ষিণ কোৰিয়াই বাৰে বাৰে এই কথা দোহাৰি আহিছে৷ আমেৰিকা, জাপান আৰু চীনশাসিত হংকঙৰ সংবাদ মাধ্যমে কট্টৰ কমিউনিষ্ট ৰাষ্ট্রখনৰ শীর্ষনেতাগৰাকীৰ হাঁওফাঁওৰ অস্ত্রোপচাৰৰ পাছতে মৃত্যু হোৱা বুলি ঘোষণা কৰিছে৷ আমেৰিকাৰ সংবাদ মাধ্যমে অৱশ্যে কিমৰ স্বাস্থ্যৰ দ্রুত অৱনতি ঘটা বুলি উল্লেখ কৰি নেতাগৰাকীৰ মৃত্যু হ’ব পাৰে বুলিও প্রকাশ কৰিছে৷ কিন্তু দক্ষিণ কোৰিয়াৰ ৰাষ্ট্রপতি মুন জী–ইনৰ ঘনিষ্ঠ বিষয়া মুন চাং–ইনে সংবাদ সংস্থা চিএনএনক জনাইছে যে কিম জং–উন জীৱিত আৰু কুশলে আছে৷ ১৩ এপ্রিলৰ পৰা উত্তৰ কোৰিয়াৰ শীর্ষ নেতাগৰাকী ৱ’নছান অঞ্চলত থকা বুলি উল্লেখ কৰিছে মুন চাং–ইনে৷ দক্ষিণ কোৰিয়াই উত্তৰৰ শীর্ষ নেতাৰ মৃত্যুৰ সংবাদক মানি নলয় বুলি উল্লেখ কৰি মুনে কয় যে দেশখনত তেনেধৰণৰ ঘটনা সংঘটিত হ’লে ছিউল প্রশাসনে শীঘ্রেই ইয়াৰ তথ্য লাভ কৰিলেহেঁতেন৷ স্মর্তব্য যে উত্তৰ কোৰিয়াৰ ওপৰত নিৰীক্ষণ চলাই থকা আমেৰিকান সংস্থা ৩৮ নর্থেও কিমৰ মৃত্যু হ’ব পৰা কোনোধৰণৰ অস্বাভাৱিক দেশখনৰ অভ্যন্তৰত দেখা নাই বুলি ঘোষণা কৰিছে৷ অৱশ্যে ৱ’নছান অঞ্চলত কিমে ব্যৱহাৰ কৰা ৰে’ল এখনৰ উপস্থিতিয়ে বিভিন্ন মহলৰ সন্দেহত ইন্ধন যোগাইছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হৈছে সকলো সময়তে গোপনীয়তা অৱলম্বন কৰা উত্তৰ কোৰিয়াই এই সংবাদ সন্দর্ভত কোনো প্রতিক্রিয়া প্রকাশ কৰা নাই৷